প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আজি গুৱাহাটীত সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে জনাই যে কাইলৈ যোৰহাটত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ অসমৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱা প্ৰায় ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে বহুকেইটা আধাৰশিলা স্থাপন কৰিব। অসমত উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে গঢ়িব নতুন অভিলেখ। অহাকালি যোৰহাটৰ মেলেঙ-মেতেলী পথাৰত প্ৰধানমন্ত্ৰীয়ে একেখন মঞ্চৰ পৰাই হিতাধীকাৰীক প্ৰদান কৰিব ৫লাখ ৫৫হাজাৰ ৫শ ৫৫টা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুযায়ী আজিলৈ ভাৰতত একেদিনাই একেখন মঞ্চৰ পৰা ইমান হিতাধীকাৰীক একেলগে আঁচনিৰ সুবিধা প্ৰদান কৰা হোৱা নাই। ই অসমৰ বাবে এক অভিলেখ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীৰ পৰৱৰ্তী কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে জনাই যে, ৯ মাৰ্চত প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিব হোলোঙাপাৰত নিৰ্মাণ কৰা ৮৪ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। মেলেঙ-মেতেলী পথাৰৰ পৰাই প্ৰধানমন্ত্ৰীয়ে অনলাইনযোগে উদ্বোধন কৰিব তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়। যোৰহাটৰ পৰাই ‘প্ৰধানমন্ত্ৰী ডিভাইন’ আঁচনিৰ অধীনত ৮০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে।
Related Posts