▶️১৬৭৭ চনৰ আজিৰ দিনটোতেই কেন্দ্ৰত চৰকাৰ সলনি হোৱাৰ বাবে ১৯৮০ চনলৈকে পদ্ম সন্মান প্ৰদান স্থগিত।
▶️১৯৯৫ চনৰ এই দিনটোতেই সাহিত্যিক, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা আশাপূৰ্ণা দেৱীৰ মৃত্যু।
▶️১৮১২ চনৰ এই দিনটোতেই বিশিষ্ট জাৰ্মান জ্যোতিৰ্বিদ হেইনৰিখ লুই দা আৰেষ্টৰ মৃত্যু।তেৱেঁই প্ৰথম নেপচুন গ্ৰহৰ সন্ধান পাইছিল।
▶️১৯২১ চনৰ আজিৰ দিনটোতেই ফৰাচী বিজ্ঞানী গেব্ৰিয়েল লিপমানৰ মৃত্যু।১৯০৮ চনত তেঁও পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯০৫ চনৰ এই দিনটোতেই কলকাতাৰ পৰা প্ৰকাশিত ‘শান্তিবন’ পত্ৰিকাত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ পণ্য বৰ্জনৰ আহ্বান।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ২০০৮ চনৰ অলিম্পিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰিছিল চীনে।
▶️১৯৯৮ চনৰ এই দিনটোতেই বিশ্বকাপ ফুটবলত ছয়টা গ’ল দিয়াৰ স্বীকৃতি স্বৰূপে ক্ৰ’ৱেচিয়াৰ খেলুৱৈ ডেভৰ ছুকেৰৰ ‘গ’ল্ডেন বুট’ লাভ।
▶️২০০৪ চনৰ এই দিনটোতেই প্ৰৱল বানৰ ফলত ভাৰতৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ ৫০ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত।
▶️১৯৩০ চনৰ আজিৰ দিনটোতেই উৰুগুৱেত প্ৰথম বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ। ইয়াৰ পিছত প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে।অৱশ্যে দ্বিতীয় মহাসমৰৰ বাবে ১৯৪২ আৰু ১৯৪৬ চনত এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৩ জুলাই
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like