আজি ২৮ ডিচেম্বৰ

➡️১৮৫৬ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, জাতিসংঘৰ অন্য়তম প্ৰতিষ্ঠাতা উড্ৰ উইলছনৰ মৃত্য়ু।
➡️১৮৮৫ ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম। প্ৰতিষ্ঠাতা -এলেন অক্টোভিয়ান হিউম। প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী।
➡️১৮৯৫ ফৰাচী ভ্ৰাতৃদ্বয় আগষ্ট লুমিয়েৰ আৰু লুই লুমিয়েৰৰ আধুনিক চিনেমা বা চলচ্চিত্ৰ প্ৰদৰ্শনৰ যন্ত্ৰ ‘চিনেমাটোগ্ৰাফ’ আৱিষ্কাৰ আৰু পেটেন্ট লাভ। লুমিয়েৰ ভ্ৰাতৃদ্বয়কে আধুনিক চিনেমাৰ উদ্ভাৱক আখ্যা দিয়া হয়।
➡️১৯২১ ইংলেণ্ডৰ ৰাজকুমাৰ প্ৰিন্স অব্ ৱেলছৰ (পিছলৈ ৰজা সপ্তম এডৱাৰ্ড) দ্বাৰা কলকাতাৰ ভিক্টোৰিয়া মেমোৰিয়েল হলৰ উদ্বোধন।
➡️১৯৩২ ভাৰতৰ প্ৰখ্য়াত শিল্পপতি ধীৰুভাই আম্বানীৰ জন্ম।
➡️১৯৫৭ বিমলা প্ৰসাদ চলিহা অসমৰ মুখ্য়মন্ত্ৰী। ১৯৭০ চনৰ ৬ নৱেম্বৰলৈকে তেওঁ মুখ্য়মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৭৭ প্ৰখ্য়াত হিন্দী কবি সুমিত্ৰানন্দন পন্থৰ মৃত্য়ু।
➡️১৯৮১ কংগ্ৰেছ নেতা কে কৰুণাকৰণৰ নেতৃত্বত কেৰেলাত নতুন চৰকাৰ গঠন।
➡️১৯৮৪ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপুল ভোটত জয়লাভ।
➡️১৯৯৮ ‘আশীৰ্বাদৰ ৰং’ উপন্য়াসৰ বাবে যশস্বী ঔপন্য়াসিক তথা নাট্য়কাৰ অৰুণ শৰ্মালৈ সাহিত্য় অকাডেমী বঁটা ঘোষণা।

You might also like
Leave A Reply

Your email address will not be published.