▶️১৫৬৯ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট জাহাংগীৰৰ জন্ম হৈছিল।
▶️১৮৭০ চনৰ এই দিনটোতেই ইটালীৰ শিক্ষাবিদ মাৰিয়া মন্টেছৰীৰ জন্ম হৈছিল।
▶️১৯১২ চনৰ আজিৰ দিনটোতেই বুৰঞ্জীবিদ হেৰম্বকান্ত বৰপূজাৰীৰ জন্ম হৈছিল।
▶️১৯১৯ চনৰ এই দিনটোতেই জ্ঞানপীঠ বঁটা বিজয়ী পঞ্জাৱী সাহিত্যিক অমৃতা প্ৰীতমৰ জন্ম হৈছিল।
▶️১৯৫৬ চনৰ এই দিনটোতেই ভাৰতৰ ৰাজ্য পুনৰ গঠন বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি প্ৰদান।
▶️১৯৬২ চনৰ আজিৰ দিনটোতেই ত্ৰিনিদাদ আৰু টোবেগোৰ স্বাধীনতা লাভ।
▶️১৯৮৩ চনৰ এই দিনটোতেই আমেৰিকাৰ মহাকাশযান ‘চেলেঞ্জাৰ’ৰ সহায়ত ভাৰতৰ এটা উল্লেখযোগ্য সফল উপগ্ৰহ INSAT-IB আমেৰিকাৰ ফ্ল’ৰিডাৰ কেপ কাৰনাভাৰেলৰ পৰা সফলতাৰে উৎক্ষেপণ আৰু পৃথিৱীৰ পৰা ৩৫,৬৮০ কিলোমিটাৰ উচ্চতাৰ ভূ-স্থিৰ কক্ষপথত স্থাপন। এইটো উপগ্ৰহ নিৰ্ধাৰিত সাত বছৰতকৈ অধিক কাল কক্ষপথত থাকে।
▶️১৯৮৭ চনৰ আজিৰ দিনটোতেই সাংবাদিক হৰেন্দ্ৰনাথ বৰুৱাৰ মৃত্যু।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই পেৰিছত হোৱা এক মটৰ দুৰ্ঘটনাত ইংলেণ্ডৰ ৰাজকুমাৰী লেডী ডায়েনাৰ মৃত্যু।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ অঞ্জু ববী জৰ্জৰ ব্ৰঞ্জৰ পদক অৰ্জন।
▶️২০০৫ চনৰ এই দিনটোতেই আগষ্ট মাহৰ অন্তিম সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰখন প্ৰদেশক চুই যোৱা ‘কাটৰিনা’ নামৰ ধুমুহাজাকে এই আটাইকেইখন প্ৰদেশত ধ্বংস কাৰ্য সংঘটিত কৰে।ইয়াৰে নিউ আৰ্লিয়েন্স চহৰখন ধুমুহাৰ পিছত অহা বৰষুণৰ ফলত সম্পূৰ্ণ ডুব যায়।প্ৰায় ২০ ফুট উচ্চতালৈ পানী উঠা চহৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈ মৰিশালিত পৰিনত হয়।প্ৰায় ২,৬০০ কোটি টকাৰ ক্ষয়-ক্ষতি।।
