আজি ৩ মে’

➡️আজি বিশ্ব এজমা দিৱস।
➡️আজি সংবাদপত্ৰৰ স্বাধীনতা দিৱস।
➡️১৪৬৯ চনত ইটালীৰ ৰাজনীতিবিদ, কূটনীতিজ্ঞ নিকোলো মেকিয়াভেলিৰ জন্ম।
➡️১৪৯৪ চনত কলম্বাছৰ জামাইকা আৱিষ্কাৰ। কলম্বাছে ইয়াৰ নাম দিছিল ‘ছেন্ট লগো’।
➡️১৭৬৪ চনত বংগৰ গাদীচ্যুত নৱাব মীৰকাছিমৰ পাটনা আক্ৰমণ, ইংৰাজৰ হাতত পৰাজিত।
➡️১৭৬৫ চনত ৰবাৰ্ট ক্লাইভৰ দ্বিতীয়বাৰৰ বাবে ভাৰতলৈ আগমণ আৰু বংগৰ গৱৰ্নৰ পদত অধিষ্ঠিত হয়। ইয়াৰ আগতে ১৭৬০ চনৰ ২৫ ফ্ৰেব্ৰুৱাৰীত তেওঁ ভাৰত ত্যাগ কৰিছিল।
➡️১৮০৩ চনত আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডি চিক মহানগৰৰ স্বীকৃতি।
➡️১৯১৩ চনত প্ৰথম ভাৰতীয় চলচ্চিত্ৰ (নিৰ্বাক) ‘ৰাজা হৰিশ্চন্দ্ৰ’ৰ মুম্বাইত মুক্তি লাভ। ছবিখনৰ নিৰ্মাতা আছিল দাদা চাহেব ফাল্কে।
➡️১৯৩৪ চনৰ আজিৰ দিনটোতে দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ মৃত্যু হয়।
➡️১৯৩৯ চনত কংগ্ৰেছৰ মতানৈক্য হোৱাত সুভাষ চন্দ্ৰ বসুৰ কংগ্ৰেছ ত্যাগ আৰু ফৰৱাৰ্ড ব্লক গঠন।
➡️১৯৬৫ চনত অসমত ব্ৰডগজ ৰে’ল সেৱা আৰম্ভ।
➡️১৯৫৯ চনত ভাৰতৰ তৃতীয়গৰাকী ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ নতুন দিল্লীত মৃত্যু হয়।
➡️২০০২ চনত সাংবাদিক কীৰ্তিনাথ হাজৰিকাৰ মৃত্যু হয়।
➡️২০০৩ চনত সাহিত্যিক মেদিনী চৌধুৰীৰ মৃত্যু হয়।
➡️২০০৬ চনত বিজেপি নেতা প্ৰমোদ মহাজনৰ মৃত্যু হয়।

You might also like
Leave A Reply

Your email address will not be published.