আজি ৫ ডিচেম্বৰ

➡️১৭৯৮১ৰ আজিৰ দিনটোতেই বিৰল প্ৰতিভাধৰ সংগীতশিল্পী উলফগেং আমাডিউছ মোজাৰ্টৰ মৃত্যু।
➡️১৮৭০ চনত ফৰাচী ঔপন্যাসিক আৰু নাট্যকাৰ আলেকজেণ্ডাৰ ডুমাৰ মৃত্যু।
➡️১৯০১ চনত কাৰ্টুন ছবিৰ প্ৰসিদ্ধ নিৰ্মাতা ৱাল্ট ডিজনীৰ জন্ম।
➡️১৯০৫ চনত কাশ্মীৰৰ মুখ্য মন্ত্ৰী শ্বেখ মহম্মদ আব্দুলাৰ জন্ম। ৰাজনৈতিক কাৰণত তেওঁ দীৰ্ঘদিন কাৰাবাস খাটিব লগীয়া হৈছিল।
➡️১৯৫০ চনত বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা দাৰ্শনিক অৰবিন্দ ঘোষ ওৰফে শ্ৰীঅৰবিন্দৰ পণ্ডিচেৰীত মৃত্যু।
➡️১৯৯০ চনত ৬০ জন নতুন মন্ত্ৰীৰ শপত গ্ৰহণেৰে মুঠ ৭১ জন মন্ত্ৰীৰে বিহাৰ মন্ত্ৰীসভা দেশৰ বৃহত্তম মন্ত্ৰীসভা ৰূপে পৰিগণিত।
➡️১৯৯৪ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ সংসদৰ পৰা পদত্যাগ।
➡️১৯৯৯ চনত ভাৰতৰ যুক্তা মুখীৰ ‘মিছ ৱৰ্ল্ড’ খিতাপ অৰ্জন।
➡️২০০০ চনত অভিনেত্ৰী চেতনা দাসলৈ আম্বেদকাৰ বঁটা।
➡️২০০৩ চনত দেশীয়ভাৱে নিৰ্মিত প্ৰথমটো ক্ৰায়জনিক ইঞ্জিনৰ সফল পৰীক্ষণ।

You might also like
Leave A Reply

Your email address will not be published.