আপোনাৰ কিছু ভুলৰ বাবে বিহ হ’ব পাৰে পানীও!

তামৰ বাচন ব্যৱহাৰ কৰাক লৈ কিছু নীতি নিয়ম মানি নচলিলে মহা বিপদৰ সম্মুখিন হ'ব পাৰে আপুনিও!

নিউজ ডেস্কঃ

পোনাৰ কিছু ভুলৰ বাবে বিহ হ’ব পাৰে পানীও!

তামৰ বাচন ব্যৱহাৰৰ লাভালাভৰ বিষয়ে হয়টো সকলোৱে জানে৷
আমাৰ সমাজত প্ৰায় সংখ্যাক লোকে তামৰ বাচন ব্যৱহাৰ কৰে। আয়ুৰ্বেদত বিশ্বাস কৰা হয় যে, তামৰ পাত্ৰত ৰখা পানী খালে ই মানুহৰ শৰীৰৰ ভাৰসাম্য বজাই ৰাখে তথা বহু ৰোগৰ পৰাও সুৰক্ষিত কৰে।
কিন্ত এই তামৰ বাচন ব্যৱহাৰ কৰাক লৈ কিছু নীতি নিয়ম মানি নচলিলে মহা বিপদৰ সম্মুখিন হ’ব পাৰে আপুনিও!
গোটেই দিনটো তামৰ বটলত ৰখা পানী সেৱন কৰিলে আপোনাৰ শৰীৰত তামৰ পৰিমাণ প্ৰয়োজনতকৈ অধিক হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ ফলত তীব্ৰ ওকালি অহা, মূৰ ঘূৰোৱা, পেটৰ বিষৰ লগতে যকৃত আৰু বৃক্ক বিকল হোৱাৰ সম্ভাৱনাও থাকে।
তামৰ বাচনবোৰ নিয়মীয়াকৈ ধুব নালাগে।এনে বাচন দৈনিক ধুলে ইয়াৰ উপকাৰী গুণাগুণ হ্ৰাস পাবলৈ আৰম্ভ হয়। সেয়েহে, প্ৰতিটো ব্যৱহাৰৰ পিছত কেৱল পানীৰে পৰিস্কাৰকৈ ধুব লাগে তথা মাহত এবাৰ নিমখ আৰু নেমু ব্যৱহাৰ কৰি ভালদৰে পৰিস্কাৰ কৰিব লাগে।
ৰাতিপুৱা খালী পেটত নেমু আৰু মৌ দ্ৰৱীভূত পানী খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু যেতিয়া আপুনি এই পানী তামৰ পাত্ৰত খায়, ই বিহৰ দৰে কাম কৰে। প্ৰকৃততে, নেমুত পোৱা এচিডটো তামৰ সৈতে মিহলি হৈ শৰীৰক যথেষ্ট ক্ষতি কৰে। যাৰ ফলত পেটৰ বিষ, গেছ তথা  বমি আদি সমস্যাই দেখা দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.