আমাৰ পাকঘৰতে উপলব্ধ হৃদৰোগৰ ঔষধ!

ৰ্তমান সসয়ত ব্যস্তাপূৰ্ণ জীৱনত নিজৰ শৰীৰটোৰ প্ৰতি গুৰুত্ব দিবলৈ কাৰোৱে সময় নাই। ইয়াৰ ফলত উচ্চ ৰক্তচাপ, হৃদৰোগ, মানসিক অশান্তি, কেন্সাৰ আদিকে ধৰি বিভিন্ন ৰোগ সাংঘাটিকভাবে বৃদ্ধি পাব ধৰিছে।আজিকালি বহুসংখ্যক লোক হৃদৰোগত আক্ৰান্ত হোৱা দেখা যায় আৰু সমগ্ৰ বিশ্বজুৰি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা ৰোগীৰ সংখ্যাও অধিক।
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, কেতবোৰ যদি আপুনি আপোনাৰ হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখিব বিচাৰে, তেন্তে আহাৰত কিছুমান মচলা অন্তৰ্ভুক্ত কৰিব পাৰে। এই মচলাবোৰে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰে।
আপুনি জানেনে,এই সকলোবোৰ হৃদৰোগৰ ঔষধ আমাৰ পাকঘৰতে পাব।

১) নহৰু:
নহৰুত পোৱা এলিচিন নামৰ উপাদানটোৱে এঞ্জিওটেনচিন নামৰ হৰমনটো গঠন হোৱাত বাধা দিয়ে। এঞ্জিওটেনচিন হৈছে এক হৰমন, যি ৰক্তচাপ বৃদ্ধি হোৱা প্ৰতিহত কৰে।সেয়েহে, নহৰু খালে ৰক্তচাপ নিয়ন্ত্ৰণ হৈ থাকে। যিয়ে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা হ্ৰাস কৰে।

২)আদা:
আদাত জিঞ্জাৰল নামৰ পুষ্টি থাকে। ই হৈছে প্ৰদাহ-প্ৰতিৰোধী, যিয়ে ৰক্তনলীবোৰ শিথিল কৰে। তদুপৰি, আদা খালে ভাল তেজ প্ৰবাহ হয়। বহুতো গৱেষণাত এইটো প্ৰমাণিত হৈছে যে আদাই কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাতো সহায় কৰে।

৩)হালধি:
আহাৰত হালধি অন্তৰ্ভুক্ত কৰিলে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা হ্ৰাস হয়। ইয়াত কাৰকিউমিন নামৰ এবিধ যৌগ থাকে। এই যৌগটোৱে এণ্ডোথেলিয়ামৰ কাৰ্যক্ষমতা, ৰক্ত নলীৰ স্তৰ উন্নত কৰে। যি হৃদযন্ত্ৰলৈ পৰ্যাপ্ত অক্সিজেন বহন কৰে আৰু ইয়াক স্বাস্থ্যৱান ৰাখে।

৪)জালুক:
জালুকক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত পোৱা ভানাডিয়ামে কাৰ্ডিয়েল সংক্ৰমণৰ আশংকা হ্ৰাস কৰে। আপুনি আপোনাৰ আহাৰত ১-২ টা ক’লা জলকীয়া অন্তৰ্ভুক্ত কৰি হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখিব পাৰে।

৫)ডালচেনি:
ডালচেনীয়ে তেজৰ প্ৰবাহ উন্নত কৰে।ই তেজ গোট মৰাৰ সমস্যাও হ্ৰাস কৰে।সেয়েহে, হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখিবলৈ দৈনিক ডালচেনি খাব।

You might also like
Leave A Reply

Your email address will not be published.