ৰাজ্যত পুনৰ সংঘটিত হৈছে নিৰুদ্দেশৰ ঘটনা।

পুনৰ নিৰুদ্দেশৰ ঘটনাই জেকাৰি গ’ল দেৰগাঁও। গোলাঘাট জিলাৰ দেৰগাঁৱৰ ছ’গুৰি কছাৰি গাঁৱৰ ৫০ ঊৰ্দ্ধৰ ৰাজকুমাৰ ৰাজবংশী নামৰ এজন ব্যক্তি বহিঃৰাজ্যত নিৰুদ্দেশ হোৱাৰ খৱৰে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।পৰিয়ালৰ লোকে জনোৱা মতে ব্যক্তি গৰাকী আজি এবছৰৰ পুৰ্বে কৰ্মসূত্ৰে হায়দৰাবাদৰ এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰি আছিল। যোৱা শনিবাৰে হায়দাবাদৰ পৰা বিহু বুলি নিজ গৃহ দেৰগাঁৱলৈ উভতি অহা সময়তে ব্যক্তি গৰাকী সোমবাৰে পুৱা কৃষন গাঞ্জ ৰেল ষ্টেচনৰ পৰা নিৰুদ্দেশ হয়।পৰিয়ালৰ লোকে ব্যক্তিজনৰ নিৰুদ্দেশ হোৱাৰ খৱৰ পোৱাৰ পিছৰে পৰা ঘৰখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

গোলাঘাট জিলাৰ দেৰগাঁৱৰ কছাৰি গাঁৱৰ ৰাজ কুমাৰ ৰাজবংশীৰ কোনো লোকে সন্ধান পালে ব্যক্তি গৰাকীৰ পৰিয়ালৰ ফোন নং ৯৯৫৭৮১8৬০৯ নাইবা ৭০৯৯৮৪১১৫৮ ত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

You might also like
Leave A Reply

Your email address will not be published.