ভিৰৰ মাজতো ব্যতিক্ৰম ঢেকীয়াজুলীৰ এগৰাকী লোক

ৰাজ্যৰ একাংশ যুৱকে চৰকাৰী চাকৰিৰ আশা কৰি থকাৰ সময়তে ঢেকীয়াজুলীৰ খৃষ্টানপাৰা গাঁৱৰ এজন ব্যক্তিয়ে দাঙি ধৰিছে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন। কৃষি-কৰ্মৰ জৰিয়তে সৰ্বেশ্বৰ বৰা নামৰ ব্যক্তিগৰকীয়ে বাছি লৈছে স্বাৱলম্বীতাৰ নতুন পথ । একাগ্ৰতা আৰু মনোবল থাকিলে যে মানুহে সকলো কামেই কৰিব পাৰে,তাতেই প্ৰতীয়মান নিয়াবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ খৃষ্টানপাৰা গাঁৱৰ সৰ্বেশ্বৰ বৰাই।

অৰ্থৰ অভাৱত শিক্ষা জীৱন আধাতে শেষ কৰি একান্তভাৱে কৃষি কৰ্ম কৰি গৈছিল তেওঁৰ এলাগী হৈ থকা মাটিখিনিত। নিজৰ কষ্টোপাৰ্জিত ধনেৰে ল’ৰা -ছোৱালী পঢ়োৱাৰ উপৰিও তেখেতে অব্যাহত ৰাখিছে নিজ কৰ্ম লগতে নিজৰ জীৱন সংগ্ৰাম। স্বৰ্গীয় বগাইৰাম বৰাৰ সু-সন্তান সৰ্বেশ্বৰ বৰাই ২০০৬ চনত শোণিতপুৰ জিলাৰ সেই সময়ৰ উপায়ুক্তৰ পৰা মান-পত্ৰ পোৱাৰ লগতে জিলা কৃষি বিভাগৰ ফালৰ পৰাও বিশেষ সন্মান পাবলৈ সক্ষম হৈছিল। প্ৰায় ১ হেক্টৰ কৃষিভূমিৰ পুখুৰীত বিভিন্ন প্ৰজাতিৰ মাছ পালন কৰাৰ উপৰিও প্ৰায় ৪ বিঘা মাটিত নেমু, আনাৰস, মধুৰিয়াম, লিচু আদি বিভিন্ন ফলৰ খেতি কৰি নিজকে স্বাৱলম্বী কৰাৰ উপৰিও বছৰি লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এইগৰাকী সফল কৃষকে। যি সময়ত নিবনুৱা যুৱক-যুৱতী সকলে এটা চাকৰিৰ বাবে দিগবিদিক হেৰুৱাই চটফতাই থাকিবলগীয়া হৈছে, ঠিক তেনে সময়তে সৰ্বেশ্বৰ বৰাৰ দৰে পৰিশ্ৰমী কৃষকৰ কৰ্মই উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। বহিঃৰাজ্যৰ যেনে কলিকতা,উৰিষ্যাৰ দৰে ঠাইত কৃষি বিভাগৰ ফালৰ পৰা প্ৰশিক্ষণ লোৱা সৰ্বেশ্বৰ বৰাই এতিয়া নিজ পত্নী সহ পুত্ৰ,জীয়ৰীৰ লগত সুখেৰে দিন অতিবাহিত কৰিবলৈ সক্ষম‌ হৈছে। আজি তেওঁ এজন সফল খেতিয়ক।

You might also like
Leave A Reply

Your email address will not be published.