আজি বিশ্ববাসী সাক্ষী হ’ব মহাজাগতিক পৰিঘটনাৰ

NEWS DESK: জি নিশাৰ ভাগত সংঘটিত হব এটা মহাজাগতিক পৰিঘটনা।বিশ্বৰ এটা অঞ্চলত আজি দিনতেই ৰাতিৰ দৰে অন্ধকাৰ হোৱাৰ সম্ভাৱনা। চন্দ্ৰই পৃথিৱী আৰু সূৰ্যৰ মাজেৰে গতি কৰিব আৰু বিশ্ববাসীয়ে এই বিৰল পৰিঘটনাৰ সাক্ষী হৈ ৰ’ব। আজি পূৰ্ণগ্ৰাস সূৰ্য গ্ৰহণ আৰু সূৰ্য্যগ্ৰহনৰ সময়ত এটা নিৰ্দিষ্ট ক্ষণত ধৰাপৃষ্ঠত সূৰ্যৰ পোহৰ নপৰিব। গোটেই দিনটোতেই সৃষ্টি হব অমাৱস্যা সদৃশ্য অন্ধকাৰ পৰিৱেশ।সূৰ্যৰ চৌদিশে এটা সোণৰ আঙুঠিৰ দৰে ৰূপ প্ৰস্ফূতিত হব।

অলপ অলপ কৈ চন্দ্ৰই সূৰ্যটোক গ্ৰাস কৰি এসময়ত সম্পূৰ্ণ ৰূপে গ্ৰাস কৰিব আৰু সূৰ্যৰ চৌদিশে এটা সোণৰ আঙুঠিৰ দৰে ৰূপ প্ৰস্ফূতিত হব। ভাৰতীয় সময় মতে,সূৰ্য গ্ৰহণ নিশা ৯ বাজি ১২ মিনিটত আৰম্ভ হ’ব আৰু পূৰ্ণগ্ৰাস নিশা ১০ বাজি ৮ মিনিটত হ’ব আৰু এই পূৰ্ণগ্ৰাস ৪ মিনিট ২৭ ছেকেণ্ড ধৰি অব্যাহত থাকিব। সূৰ্যগ্ৰহণ অন্ত পৰিব ৯ এপ্ৰিলৰ মাজনিশা ২ বাজি ২২ মিনিটত। যিহেতু এই সূৰ্য গ্ৰহণ ভাৰতীয় সময় মতে নিশাৰ ভাগত পৰিব, সেয়েহে আমাৰ দেশৰ পৰা এই সূৰ্য গ্ৰহণ দৃশ্যমান নহব।সূৰ্যগ্ৰহণ দৃশ্যমান হ’ব মেস্কিক’,আমেৰিকা যুক্তৰাষ্ট্ৰ,কানাডাত। ইয়াৰ উপৰি পশ্চিমৰ আন কেইখনমান দেশৰ পৰাও কিছু পৰিমানে এই সূৰ্যগ্ৰহণ দৃশ্যমান হব। নাছাই এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাব।

মহাজাগতিক পৰিঘটনাৰ প্ৰতি আগ্ৰহী লোকে নাছাৰ LIVE STREAMINGৰ জৰিয়তে সূৰ্যগ্ৰহণ চাব পাৰিব। কিন্তু খালী চকুৰে সূৰ্যগ্ৰহণ নাচাবলৈ বিজ্ঞানী সকলে সকীয়াই দিছে। PROTECTIVE EYEWEAR অবিহনে খালী চকুৰে চালে ৰেটিনা নষ্ট হোৱাৰ আশংকা থাকে। জ্যোতিষ শাস্ত্ৰমতে, ধৰাপৃষ্ঠৰ জীৱকূলৰ ওপৰত সূৰ্যগ্ৰহণৰ প্ৰভাৱ অপৰিসীম। ৰাশিৰ ভিত্তিত মানুহৰ ওপৰত সূৰ্যগ্ৰহণৰ ভিন ভিন ধৰণৰ প্ৰভাৱ পৰে। কুপ্ৰভাৱৰ পৰা ৰক্ষা পৰিবৰ বাবে আৰু সুপ্ৰভাৱ সৃষ্টিৰ বাবে অনেক উপায়ো দিয়া আছে জ্যোতিষ শাস্ত্ৰত। এই সময়চোৱাত কিদৰে আচৰণ কৰিব লাগে , সূৰ্যগ্ৰহণৰ আৰম্ভণিৰ পৰা শেষলৈ কেনেদৰে কি কি কৰিব লাগে সকলো জ্যোতিষ শাস্ত্ৰই কৈ থৈছে। এই সময়চোৱাত খালী চকুৰে সূৰ্যটোলৈ বুলি চাব নালাগে, আহাৰ-পানী গ্ৰহণ কৰিব নালাগে আৰু সূৰ্যগ্ৰহণৰ অন্তত ৰীতি মতে স্নান কৰি ভগৱন্তক স্মৰণৰ বিধান আছে জ্যোতিষ শাস্ত্ৰ আৰু সনাতনী বিশ্বাসত ।

You might also like
Leave A Reply

Your email address will not be published.