আজি ৯ এপ্ৰিল

➡️১৭৫৬ চনত ছিৰাজোদ্দৌলা বংগৰ নবাব হয়।
➡️১৮৬৫ চনত আমেৰিকাৰ গৃহযুদ্ধৰ অৱসান হয়।
➡️১৮৯৮ চনত আমেৰিকাৰ কৃষ্ণাংগ অভিনেতা আৰু গায়ক পল ৰবছনৰ জন্ম হয়।
➡️১৮৯৩ চনত হিন্দী ভাষাৰ লেখক, ঐচিহাসিক,শাস্ত্ৰজ্ঞ পণ্ডিত ৰাহুল সাংকৃত্যায়নৰ জন্ম।
➡️১৯৬৫ চনত কচ্চৰ ৰান অঞ্চলত ভাৰত-পাকিস্তানৰ যুদ্ধ হয়। এই যুদ্ধই ক্ৰমে ভয়াৱহ ৰূপ লয় আৰু যুদ্ধবিৰতি ঘোষণা হয় ২৩ ছেপ্টেম্বৰত।
➡️১৯৭৭ চনত সাহিত্যিক-ৰাজনীতিবিদ হেম বৰুৱাৰ মৃত্যু হয়।
➡️১৯৯৬ চনত কবি-সাহিত্যিক মহেন্দ্ৰ বৰাৰ মৃত্যু হয়।
➡️২০০৭ চনত ডিব্ৰুগড়ৰ লেপেটকটাত গেছ ক্ৰেকাৰৰ আধাৰশিলাৰ স্থাপন কাৰ হয়।

You might also like
Leave A Reply

Your email address will not be published.