ইজৰাইল-হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে ভাৰতৰ ‘অপাৰেচন অজয়’

এটি কেঁচুৱাকে ধৰি ২১২ জন ভাৰতীয় যাত্ৰী কঢ়িয়াই আনে বিমানখনে

নিউজ ডেস্ক:

জৰাইল-হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে ভাৰতৰ ‘অপাৰেচন অজয়’। ইজৰাইলত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক দেশলৈ ঘূৰাই আনিবলৈ পঠোৱা প্ৰথমখন চাৰ্টাৰ বিমান শুকুৰবাৰে পুৱা উপস্থিত হয় নতুন দিল্লীত। ‘অপাৰেচন অজয়’ৰ অধীনত ইজৰাইলৰ বেন গুৰিয়ান বিমানবন্দৰৰ পৰা বৃহস্পতিবাৰে নিশা আৱদ্ধ ভাৰতীয় নাগৰিকসহ উৰা মাৰে বিমানখন। এটি কেঁচুৱাকে ধৰি ২১২ জন ভাৰতীয় যাত্ৰী কঢ়িয়াই আনে বিমানখনে। খবৰ অনুসৰি, যাত্ৰীসকলক ‘প্ৰথম অহা প্ৰথম সেৱা’ ভিত্তিত বাছনি কৰা হৈছিল। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে বিমানবন্দৰত উপস্থিত হৈ ভাৰতীয় নাগৰিকক আদৰণি জনায়।

উল্লেখ্য যে, ৭ অক্টোবৰৰ পৰা ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে এয়াৰ ইণ্ডিয়াকে ধৰি অন্যান্য বিমান সংস্থাসমূহে ইজৰাইললৈ অহা-যোৱা কৰা সকলো বাণিজ্যিক বিনিময় বন্ধ কৰি দিছিল। পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে ইচ্ছুক ভাৰতীয় নাগৰিক সকলক স্বদেশলৈ ঘূৰাই আনিবলৈ গ্ৰহণ কৰে ‘অপাৰেচন অজয়’।।

You might also like
Leave A Reply

Your email address will not be published.