নিউজ ডেস্ক– ওড়িশাত সংঘটিত হৈছে এক নৃশংস ঘটনা। দুটা কুকুৰাৰ হত্যাৰ প্ৰতিশোধ হিচাপে কোবাই কোবাই হত্যা কৰিলে এটা কুকুৰক। ওড়িশাত সংঘটিত হোৱা এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ওড়িশাত কেন্দ্ৰপাৰা নামৰ অঞ্চলত সংঘটিত হৈছে এই বৰ্বৰ ঘটনাটো। উল্লেখযোগ্য যে বাবুলা সিং নামৰ এজন লোকৰ দুটা কুকুৰা মাৰি পেলাইছি কুকুৰটোৱে যাৰবাবে লোকজনে বাঁহেৰে কোবাই কোবাই নিৰ্মমভাৱে হত্যা কৰে কুকুৰটোক। কুকুৰটোক মৰিয়াই হত্যা কৰা দৃশ্য কোনো পথচাৰীয়ে ফোনত বন্দী কৰি ছ’চিয়েল মিডিয়াত ভিডিঅ’টো আপলোড কৰে। ইয়াৰ পিছতে ভাইৰেল হৈ পৰে ভিডিঅ’টো। সম্প্ৰতি বাবুলা সিং নামৰ ৫০ বছৰীয়া লোকজনক আটক কৰিছে ওড়িশা আৰক্ষীয়ে।
