ইণ্টাৰনেচনেল ডেস্ক:
ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে ইজৰাইল-হামাছ উগ্ৰপন্থীৰ সংঘৰ্ষই। গাজা ষ্ট্ৰিপক নিজৰ নিয়ন্ত্ৰণলৈ অনা হামাছ উগ্ৰপন্থী গোটৰ বিৰুদ্ধে ইজৰাইলৰ পূৰ্ণাংগ যুদ্ধৰ সূচনা হোৱাৰ পিছত দুয়োপক্ষৰ নিহত হৈছে প্ৰায় ৫০০ লোক ।
ইজৰাইলৰ সেনাবাহিনীৰ মতে, হামাছৰ উগ্ৰপন্থীয়ে পেৰাগ্লাইডাৰ ব্যৱহাৰ কৰি স্থল, সাগৰ আৰু আকাশৰ মাজেৰে দক্ষিণ ইজৰাইল পাৰ হৈ সংঘটিত কৰে এই আক্ৰমণ। গাজা ষ্ট্ৰিপৰ পৰা হামাছে ইজৰাইললৈ ২০০০ৰো অধিক ৰকেট নিক্ষেপ কৰে বুলি অভিযোগ কৰিছে ইজৰাইলে। লগতে সীমান্তৰ সমীপত কেইবাজনো ইজৰাইলী সৈনিকক বন্দী কৰা বুলি দাবী কৰিছে হামাছে।
এই অভাৱনীয় আক্ৰমণত ইজৰাইলৰ কমেও ২৫০ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে ১৫০০ৰো অধিক লোক । আনহাতে ইজৰাইলৰ প্ৰত্যাক্ৰমণত ২৩২ গৰাকী পেলেষ্টেনীয়ান লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে প্ৰায় ১৭০০ গৰাকী লোক।।