নিউজ ডেস্কঃ
চন্দ্ৰযান-৩ক লৈ ‘মিছন মংগল’ৰ পৰিচালকে বনাব চিনেমা! সম্প্ৰতি ভাৰতৰ চন্দ্ৰযান-৩ ৰ সফলতা বিশ্বজুৰি চৰ্চাৰ শিখৰত। বুধবাৰে সন্ধিয়া প্ৰায় ৬.০৪ বজাত চন্দ্ৰযান-৩ৰ লেণ্ডাৰে চন্দ্ৰৰ ভূমিত ভৰি দি সফল কৰিছিল ISROৰ মিছন। এই বিৰল ক্ষনৰ সাক্ষী হৈছিল ভাৰতৰ লগতে সমগ্ৰ বিশ্ববাসী। ইছৰোৰ এই সফলতাত বলিউডৰ চলচ্চিত্ৰ নিৰ্মাতাসকলো উৎফুল্লিত হৈ পৰিছে। শেহতীয়াকৈ বলীউডৰ পৰা আহিছে এটা ভাল খবৰ। ‘মিছন মংগল’ৰ পৰিচালক জগন শক্তিয়ে চন্দ্ৰযান-৩ৰ সফলতাক ডাঙৰ পৰ্দাত প্ৰৰ্দশনৰ আগ্ৰহ প্ৰকাশ কৰিছে।
এটা ৱেবছাইটৰ সৈতে হোৱা কথা-বতৰাত পৰিচালক গৰাকীয়ে কয় যে তেওঁ চন্দ্ৰযান-৩ৰ সফলতাৰ আলমত নিৰ্মাণ কৰিবলগীয়া ছবিখনত কেৱল ‘মিছন মংগল’ত কাম কৰা দলটোকহে জড়িত কৰিব বিচাৰে। অৱশ্যে ছবিখনত অভিনেতা অক্ষয় কুমাৰৰ অন্তৰ্ভুক্তি সন্দৰ্ভত তেওঁ কোনো স্পষ্ট স্থিতি প্ৰকাশ কৰা নাই।।