নিউজ ডেস্ক:
চাহাৰা ইণ্ডিয়া পৰিবাৰৰ পৰিচালন কৰ্মী তথা অধ্যক্ষ ‘চাহাৰাশ্ৰী’ সুব্ৰত ৰায়ৰ দেহাৱসান। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত হৃদযন্ত্ৰৰ শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ বাবে মঙলবাৰে মৃত্যু হয় বিশিষ্ট ব্যৱসায়ীগৰাকীৰ । মৃত্যুৰ সময়ত সুব্ৰত ৰায়ৰ বয়স আছিল ৭৫ বছৰ। জানিব পৰা মতে, সুব্ৰত ৰায়ৰ স্বাস্থ্যৰ অৱনতি ঘটাত ৰবিবাৰে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতাল এণ্ড মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটত ভৰ্তি কৰোৱা হয়। ১৪ নৱেম্বৰ মঙলবাৰে নিশা ১০.৩০ বজাত তেওঁ ইহলীলা সম্বৰণ কৰে। মেটাষ্টেটিক মেলিগনেন্সি, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰা উদ্ভৱ হোৱা জটিলতাৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আছিল ব্যৱসায়ীগৰাকীয়ে।।