পাকিস্তানী তালিবানৰ আত্মঘাতী বোমাৰুৰ আক্ৰমণ!

ইণ্টাৰনেচনেল ডেস্ক:

নিষিদ্ধ পাকিস্তানী তালিবানৰ আত্মঘাতী বোমাৰুৰ ভয়ংকৰ আক্ৰমণ । বুধবাৰে পলিঅ’ কৰ্মীক সুৰক্ষা প্ৰদানৰ বাবে নিৰাপত্তাৰক্ষী কঢ়িয়াই অনা টহলদাৰী আৰক্ষী ট্ৰাকৰ ওচৰত সংঘটিত কৰে এই বিস্ফোৰণ। আত্মঘাতী বোমাৰুৰ আক্ৰমণত থিতাতে মৃত্যু পাঁচজন লোকৰ। আনহাতে আক্ৰমণত ২৩ জন আৰক্ষীকে ধৰি আহত হয় কমেও ২৬ জন লোক । খবৰটো সদৰি কৰে কুৱেটাৰ উপ আৰক্ষী মহাপৰিদৰ্শক গুলাম আজফৰ মহেছাৰে।
উল্লেখ্য যে, পাকিস্তানত চলি থকা পলিঅ’ ড্ৰাইভত পলিঅ’ কৰ্মীসকলক নিৰাপত্তা প্ৰদান কৰিবলৈ যোৱা কুৱেটাৰ বালেলি অঞ্চলত অৰ্ধসামৰিক বাহিনীৰ ট্ৰাকখনক লক্ষ্য কৰি লয় আক্ৰমণকাৰীয়ে ।।

You might also like
Leave A Reply

Your email address will not be published.