প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল উত্তৰ কেলিফৰ্ণিয়াৰ উপকূল!

ইণ্টাৰনেচনেল ডেস্ক:

প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ কেলিফৰ্ণিয়াৰ উপকূল। ৰিখটাৰ স্কেলত ৬.৪ প্ৰাবল্যত সংঘটিত হয় এই ভূমিকম্প। বন্দৰ চহৰ ইউৰেকাৰ পৰা ২৫ মাইল দক্ষিণ-পশ্চিমে থকা হামবল্ড কাউন্টিত সংঘটিত হৈছে এই ভূমিকম্পটো। লগতে ওচৰৰ অঞ্চলসমূহত ডজনৰো অধিক মৃদু কম্পন অনুভূত হয়।এই তথ্য সদৰি কৰিছে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে। বাতৰি যুগুটোৱা সময়লৈকে কোনো লোক হতাহত হোৱাৰ খৱৰ পোৱা হোৱা নাই যদিও কিছু ক্ষয়-ক্ষতিৰ আশংকা কৰা হৈছে। ইফালে, হামবল্ড কাউন্টিত ৬০ হাজাৰৰো অধিক লোকৰ বিদ্যুৎ ব্যৱস্থা ব্যাহত হৈছে বুলি আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে সদৰি কৰে।।

You might also like
Leave A Reply

Your email address will not be published.