বিৰাট কোহলী আৰু গৌতম গম্ভীৰৰ ৰণচণ্ডী ৰূপ!

অখেলুৱৈসূলভ আচৰণৰ বাবে মেচ মাচুলৰ ১০০ শতাংশ জৰিমনা বিহা হৈছে কোহলী-গম্ভীৰক

স্প’ৰ্টছ ডেস্ক:

ক্ষ্ণৌৰ ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত বিৰাট কোহলী আৰু গৌতম গম্ভীৰৰ ৰণচণ্ডী ৰূপ। সোমবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৩ৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হোৱা ৪৩ সংখ্যক খেলখনৰ পিছতে তৰ্ক-বিতৰ্কত লিপ্ত হয় বিৰাট কোহলী আৰু গৌতম গম্ভীৰ। অখেলুৱৈসূলভ আচৰণৰ বাবে মেচ মাচুলৰ ১০০ শতাংশ জৰিমনা বিহা হৈছে কোহলী-গম্ভীৰক।

মেচৰ পিছত কোহলী আৰু গম্ভীৰ মাজত তৰ্কাতৰ্কিৰ সূচনা হয় আৰু লগে লগে অমিত মিশ্ৰ, আৰচিবিৰ অধিনায়ক ফাফ ডু প্লেছিছ আৰু এল এছ জিৰ সহকাৰী প্ৰশিক্ষক বিজয় দহিয়াই হস্তক্ষেপ কৰি পৰিস্থিতি শান্ত কৰে।

ইফালে এল এছ জিৰ ৰাইট আৰ্ম ফাষ্ট বলাৰ নবীন উল হককো আই পি এলৰ আচৰণ বিধি ভংগ কৰাৰ বাবে মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা বিহা হৈছে। মেচৰ পিছত প্ৰথাগতভাৱে কৰমৰ্দনৰ সময়ত কোহলীৰ সৈতে তৰ্কত লিপ্ত হৈছিল খেলুৱৈগৰাকী।।

You might also like
Leave A Reply

Your email address will not be published.