নিউজ ডেস্ক:
মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ কোৱাক্টাত সংঘটিত হোৱা বোমা বিস্ফোৰণ সন্দৰ্ভত NIAৰ বৃহৎ সফলতা। অসম আৰক্ষী আৰু NIAৰ যৌথ অভিযানত অসমৰ কাছাৰ জিলাৰ শিলচৰৰ পৰা গ্ৰেপ্তাৰ এজন অভিযুক্তক। ধৃত অভিযুক্তজন মহম্মদ নুৰ হুছেইন বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত আছে।
উল্লেখযোগ্য যে, ২১ জুনত সন্ধিয়া প্ৰায় ৭:১০ বজাত কোৱাক্টাৰ এখন দলঙৰ ওপৰত সংঘটিত হৈছিল বোমা বিস্ফোৰণটো। দলঙৰ ওপৰত ৰখাই থোৱা স্ক’ৰপিঅ’ গাড়ীৰ ভিতৰত এটা বোমা স্থাপন কৰি একাংশ অজ্ঞাত দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিছিল বিস্ফোৰণটো।।