মানসিক ৰোগ অন্ধবিশ্বাস নেকি!

নেচনেল ডেস্ক:

মানসিক ৰোগ অন্ধবিশ্বাস নেকি!

বিশ্ব স্বাস্থ্য সংস্থাৰ(WHO) সংজ্ঞা অনুসৰি এজন স্বাস্থ্যৱান মানুহ হ’বলৈ হ’লে মানুহজন শাৰীৰিক, মানসিক আৰু সামাজিকভাৱে সুস্থ হ’ব লাগে। গতিকে মানুহ এজনে সমাজ এখনত সুখী আৰু সন্তোষজনক জীৱন-যাপন কৰিবলৈ হ’লে অকল শাৰীৰিকভাৱে সুস্থ হ’লেই নহ’ব, তেওঁ মানসিকভাৱেও সমানে সুস্থ হ’ব লাগিব।

আমাৰ সমাজৰ মানুহ শাৰীৰিক সুস্থতাৰ প্ৰতি যিমান সজাগ, মানসিক সুস্থতাৰ প্ৰতি সিমান সজাগ হোৱা দেখা নাযায়। সাধাৰণতে আমাৰ সমাজত মানসিক ৰোগ বুলিলে মানুহজন ‘পগলা’ হোৱা বুলি ভাবে, নতুবা মানুহজনক কোনোবাই যাদু-মন্ত্ৰ কৰা বা কোনো দেৱ-দেৱীয়ে লম্ভা বুলি ধাৰণা কৰা কিছুমান অন্ধবিশ্বাস দেখা যায়। ফলত মানুহজনক যথোচিত চিকিৎসা কৰাৰ পৰিৱৰ্তে বেজ বা তান্ত্ৰিকৰ ওচৰলৈ নিয়াৰ এক প্ৰবৃত্তি পৰিলক্ষিত হয়।ফলত তেওঁ সঠিক চিকিৎসাৰপৰা বঞ্চিত হ’ব লগা হয়।
এনেকুৱা ধাৰণা যে কেৱল গ্ৰাম্য অঞ্চলৰ মানুহৰ মাজতে প্ৰচলিত তেনে নহয়, নগৰ অঞ্চলত বসবাস কৰা মানুহৰ মাজতো তেনে বিচাৰ-বিবেচনা বিদ্যমান।
এনে বিশ্বাসৰ বশৱৰ্তী হৈ সমাজে কোনো বিশেষ ব্যক্তিক ডাইনীৰ ৰূপ দিয়া দেখা যায়। ফলত ডাইনী হত্যাৰ লেখীয়া জঘন্য ঘটনা সংঘটিত হয়। একাংশ দুষ্ট চৰিত্ৰৰ লোকে এনে লক্ষণবোৰৰ সুযোগ লৈ নিজৰ অসৎ অভিপ্ৰায় পূৰণ কৰাৰ ঘটনাও সহজলভ্য হৈ পৰিছে।
বহু লোকে আকৌ এনেবোৰ লক্ষণক পূৰ্ব জন্মৰ পাপৰ ফল বুলিও বিশ্বাস কৰে।ফলত ইয়াক ভগৱানৰ ইচ্ছা বুলি ধৰি লৈ ৰোগীজনক অৱহেলা কৰে।

সাধাৰণতে মানসিক ৰোগক দুটা ভাগত ভাগ কৰিব পাৰি।
চাইক’ছিছ আৰু নিউৰ’ছিছ। চাইক’ছিছ বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে। এনে ৰোগত ৰোগীজনে বাস্তৱৰ লগত সম্পৰ্ক হেৰুৱাই পেলায়।
নিউৰ’ছিছ হৈছে সাধাৰণ প্ৰকাৰৰ মানসিক ৰোগ। এনে ৰোগত ৰোগীজনে বাস্তৱৰ লগত সম্পৰ্ক হেৰুৱাই নেপেলায়।
নিউৰ’ছিছত ৰোগীজনৰ মনত উদ্বেগ, ভয় বা অবান্তৰ চিন্তা জাগ্ৰত হ’ব পাৰে। ই কিছু পৰিমাণে মানুহজনৰ কাম-কাজত প্ৰভাৱ পেলায়। এনে ৰোগত ৰোগীজনৰ- টোপনি নহয়, মূৰৰ বিষ, গাৰ বিষ, ভোক নলগা আদি শাৰীৰিক লক্ষণে দেখা দিয়ে। এনে শাৰীৰিক লক্ষণবোৰৰ কাৰণে বহুতে ইয়াক মানসিক ৰোগ বুলি নাভাবে।

আমি একবিংশ শতিকাত উপনীত হৈছোঁ যদিও অন্ধবিশ্বাসৰ শিপাডালে এতিয়াও আমাৰ গুৰিত ধৰি থকা কাৰ্যই বিভিন্ন সময়ত চিকিৎসা বিজ্ঞানৰ সমুখত অন্তৰায় হৈ থিয় দিছে।।

You might also like
Leave A Reply

Your email address will not be published.