
সাহিত্যপ্ৰেমী সকলৰ বাবে ভাল খবৰ
ব্যুৰ’ ৰিপ’ৰ্ট
সাহিত্য প্ৰেমী সকলৰ বাবে ভাল খবৰ | শাৰদীয় দুৰ্গোৎসৱৰ উচাহ উদ্দীপনাৰ মাজতেই উন্মোচন হ’ল এখন কবিতা পুথি।
ধুবুৰী জিলা সাপটগ্ৰাম হৰলটাৰী দুৰ্গা মন্দিৰ প্ৰাঙ্গণত এক আড়ম্বৰ পূৰ্ণ সভাত উন্মোচন হয় কবিতা পুথি ” শান্তি প্ৰিয়া “। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তৰণী কান্ত ৰায়ে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে কবিতা পুথি খন। তৰুণ কবি বিতোপন দাস ৰচিত ৯৪ টা ভিন্ন সাধৰ কবিতা সন্নিৱিষ্ট কবিতা পুথি খন উন্মোচনী সভাত উপস্থিত থাকে ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক বিনয় কুমাৰ নাথ, আজাদ আলী আহমেদ, প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট কবি সাহিত্যিক।
পূৰ্ণিমা দাসে প্ৰকাশ কৰা কবিতা পুথি খনৰ বেটুপাত অলংকৰণ কৰে গৌৰাঙ্গ জ্যোতি কলিতাই । স্বৰ্গীয় ৰঞ্জিতা বালা দাসৰ সোঁৱৰণত উছৰ্গা কৰা কবিতা পুথি খন ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হব বুলি ধাৰণা কৰা হৈছে।
কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা তৰুণ কবি বিতোপন দাসে কবিতা পুথি খনক আকোৱালি লোৱাৰ বাবে সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনাইছে। স্কুলীয়া জীৱনৰ পৰাই কবিতা লিখি ভাল পোৱা বিতোপন দাসে সাহিত্যৰ জগত খনত বহুদুৰ আগুৱাই যাওক তাৰেই কামনা কৰিছে আজিৰ উন্মোচনী সভাই |