- হালোগাঁও লাহ কয়াটোল গাঁও পঞ্চায়তৰ সভাপতি পদত অনিল চন্দ্ৰ পাঠক নিৰ্বাচিত
- ক্ষেত্ৰিহাৰদিয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত গীতাঞ্জলী কলিতা
নৱগঠিত হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত হালোগাওঁ লাহ কয়াটোল গাওঁ পঞ্চায়তৰ সভাপতি পদত নিৰ্বাচিত হৈছে অনিল চন্দ্ৰ পাঠক আৰু উপ- সভানেত্ৰী পদত জোনালী নাথ । আনহাতে ক্ষেত্ৰিহাৰদিয়া গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত হৈছে গীতাঞ্জলী কলিতা আৰু উপ সভাপতি ৰূপে মনোৰঞ্জন ডেকাক নিৰ্বাচিত কৰা হৈছে। আজি হাজো উন্নয়ন খণ্ড কাৰ্য্যালয়ৰ সভা কক্ষত অনুষ্ঠিত সভাত দুয়োখন পঞ্চায়ত আনুষ্ঠানিকভাৱে গঠন কৰা হয়। হাজো উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ইন্দ্ৰনীল কাশ্যপ ,পঞ্চায়তৰ সচিবৰ উপস্থিতত হাজোত অনুষ্ঠিত গাওঁ পঞ্চায়ত দুখনৰ ৱাৰ্ড সদস্য-সদস্যাৰ পূৰ্ণ সমৰ্থনত গঠন কৰা হয়। হাজো খণ্ড উন্নয়ন বিষয়া গৰাকীৰ তত্বাৱধানত অনুষ্ঠিত হোৱা সভাত পৃথকে পৃথকে পঞ্চায়তৰ সভাপতি ৰূপে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে । পঞ্চায়ত খনৰ সভাপতি ৰূপে নিৰ্বাচিত হোৱা দুয়োগৰাকীয়ে পঞ্চায়ত খনৰ কাম কাজ ৰাইজৰ সহযোগত সুচাৰু ৰূপে কৰিব বুলিও সদৰী কৰে। ইফালে এই অনুষ্ঠানত সভাত পঞ্চায়ত খনৰ নৱ নিৰ্বাচিত প্ৰতিনিধি সকলক শপত বাক্য পাঠ কৰোৱা হয়।