নিউজ ডেস্ক:
৪৮ ঘণ্টীয়া মণিপুৰ বন্ধত স্তদ্ধ জন-জীৱন। বন্ধ ঘোষণা কৰিছিল মেইটেই মহিলাৰ এটা গোট মেইৰা পাইবিৰ লগতে পাঁচটা স্থানীয় সংগঠনে। বন্ধত ব্যাহত হয় ইম্ফল উপত্যকাৰ সমূহ জিলা। উল্লেখ্য যে, যোৱা শনিবাৰে মণিপুৰ আৰক্ষীয়ে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছিল পাঁচজনকৈ যুৱকক।
মঙলবাৰে পুৱাৰে পৰা সম্পূৰ্ণৰূপে বন্ধ থাকে বজাৰৰ লগতে বাণিজ্যিক প্ৰতিষ্ঠানসমূহ। আনহাতে অতি কম সংখ্যক বাহনহে পথত চলাচল কৰা পৰিলক্ষিত হৈছে। বন্ধৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰ আৰু বুধবাৰে অনুষ্ঠিত হ’বলগীয়া মণিপুৰ মাধ্যমিক শিক্ষা ব’ৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হয়।
খবৰ মতে, সোমবাৰে মেইৰা পাইবিছে যুৱককেইজনৰ মুক্তিৰ দাবীত ইম্ফল পূৱ জিলাৰ খুৰাই আৰু কংবাৰ, ইম্ফল পশ্চিম জিলাৰ কাকৱা, বিষ্ণুপুৰ জিলাৰ নামবোল আৰু থৌবাল জিলাৰ কিছু অংশত কেইবাটাও গুৰুত্বপূৰ্ণ পথ অৱৰোধ কৰিছিল।।