অহা ২১ অক্টোবৰত গগনযানৰ প্ৰথমটো টেষ্ট ফ্লাইট!

গগনযানৰ পৰীক্ষনমূলক উৰণ সম্পন্ন কৰিব ইছৰ'ই

নিউজ ডেস্ক:

হা ২১ অক্টোবৰত গগনযানৰ প্ৰথমটো টেষ্ট ফ্লাইট। এই কথা সদৰি কৰিলে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে। গগনযানৰ পৰীক্ষনমূলক উৰণ সম্পন্ন কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’)ই । অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা সম্পন্ন কৰা হ’ব ভাৰতীয় মহাকাশচাৰীসকলৰ বাবে নিৰ্মিত ক্ৰু মডিউলটোৰ পৰীক্ষন। TV-D1 পৰীক্ষনত মডিউলটো মহাকাশলৈ প্ৰেৰণ কৰি পৃথিৱীলৈ ঘূৰাই অনা আৰু বংগোপসাগৰত সুৰক্ষিতভাৱে নমোৱাৰ পিছত উদ্ধাৰ কৰা হব। ইতিমধ্যে নৌসেনাৰ এটা দলে মডিউল উদ্ধাৰৰ বাবে ম’ক অপাৰেচন আৰম্ভ কৰিছে। ক্ৰু মডিউলৰ লগতে TV-D1য়ে “ক্ৰু এস্কেপ” ব্যৱস্থাও পৰীক্ষা কৰিব। মহাকাশযানখনক মহাকাশলৈ প্ৰেৰণ কৰাৰ সময়ত কোনো সমস্যাৰ সন্মুখীন হ’লে মহাকাশচাৰীসকলক পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে “ক্ৰু এস্কেপ” ব্যৱস্থা পৰীক্ষন কৰা হ’ব।

​গগনযান প্ৰকল্পৰ জৰিয়তে ভাৰতীয় মহাকাশচাৰীক ৪০০ কিলোমিটাৰ কক্ষপথলৈ প্ৰেৰণ কৰি বংগোপ উপ-সাগৰৰ ভাৰতীয় জলসীমাত অৱতৰণ কৰি নিৰাপদে ঘূৰাই অনাৰ পৰিকল্পনা কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.