আজি ১১ অক্টোবৰ

▶️১৭৩৭ চনৰ এই দিনটোতেই কলকাতাত প্ৰবল ভূমিকম্পত প্ৰায় তিনি লাখ লোকৰ মৃত্যু।
▶️১৮৮৯ চনৰ এই দিনটোতেই ইংৰাজ পদাৰ্থবিদ জেমছ প্ৰেছকট জুলৰ মৃত্যু।
▶️১৯০২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ সমাজবাদী ভাৱাপন্ন ৰাজনৈতিক নেতা জয়প্ৰকাশ নাৰায়ণৰ জন্ম হৈছিল। জনতা দল গঠনত তেওঁৰ মুখ্য ভূমিকা আছিল।
▶️১৯১০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় বিজ্ঞানী সুব্ৰাহ্মণ্যম চন্দ্ৰশেখৰৰ জন্ম হৈছিল। ১৯৮৩ চনত তেঁও লাভ কৰে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা।
▶️১৯৪২ চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ ‘মেগা ষ্টাৰ’ অমিতাভ বচ্চনৰ জন্ম হৈছিল।
▶️১৯৮৮ চনৰ এই দিনটোতেই বাংগালোৰত আনুষ্ঠানিকভাৱে জনতা দল গঠন। দলৰ নেতা নিৰ্বাচিত হয় বিশ্বনাথ প্ৰতাপ সিং।
▶️১৯১৯ চনৰ এই দিনটোতেই ডেনমাৰ্কৰ কবি তথা ঔপন্যাসিক কাৰ্ল এডল্ফ গিয়োলেৰাপৰ মৃত্যু।১৯১৭ চনত তেঁও সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯১৯ চনৰ এই দিনটোতেই নেডাৰলেণ্ডছৰ গাৰদাচ্ছ হুফাট আৰু মাৰ্টিনাছ ভেল্টমানলৈ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা আৰু আমেৰিকাৰ আহমেদ জিৱেইললৈ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা।
▶️২০০০ চনৰ আজিৰ দিনটোতেই চীনা সাহিত্যিক গাও ঝিং জিয়ানলৈ সাহিত্যৰ নোবেল বঁটা।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ভাৰতীয় মূলৰ সাহিত্যিক বিদিয়াধৰ সূৰযপ্ৰসাদ নাইপললৈ সাহিত্যৰ নোবেল বঁটা।
▶️২০০২ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰলৈ শান্তিৰ নোবেল বঁটা।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই ‘ছুপাৰমেন’ ৰূপে খ্যাত ক্ৰিষ্টোফাৰ ৰীডৰ মৃত্যু।
▶️২০০৬ চনৰ এই দিনটোতেই কিৰণ দেশাইলৈ তেওঁৰ ‘দি ইনহেৰিটেন্স অব লছ’ উপন্যাসৰ বাবে বুকাৰ বঁটা।
▶️২০০৭ চনৰ এই দিনটোতেই ব্ৰিটিছ লেখিকা ডৰিছ লেছিঙ(৮৮)লৈ সাহিত্যৰ নোবেল বঁটা।এই বঁটা লাভ কৰা লেছিঙেই সবাটোকৈ বয়সীয়াল ব্যক্তি।।

You might also like
Leave A Reply

Your email address will not be published.