পাথানকোট আক্ৰমণৰ মাষ্টাৰমাইণ্ড শ্বাহিদ লতিফক হত্যা!

পাকিস্তানত কোনো অচিনাক্ত বন্দুকধাৰীয়ে হত্যা কৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটোক

নেচনেল ডেস্ক:

পাথানকোট আক্ৰমণৰ মাষ্টাৰমাইণ্ড শ্বাহিদ লতিফক হত্যা। পাকিস্তানত কোনো অচিনাক্ত বন্দুকধাৰীয়ে হত্যা কৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটোক। অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ গোচৰৰ বাবে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIAই বিছাৰি আছিল শ্বাহিদ লতিফক। উল্লেখ্য যে, ​২০১৬ চনত কাশ্মীৰৰ পাথানকোটস্থিত ভাৰতীয় বায়ুসেনাৰ ঘাটিত সংঘটিত কৰা আক্ৰমণৰ মূল অভিযুক্ত আছিল শ্বাহিদ লতিফ। কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ শীৰ্ষ নেতা আছিল শ্বাহিদ লতিফ ।

১৯৯৬ চনৰে পৰা সন্ত্ৰাসবাদৰ সৈতে লতিফৰ সম্পৰ্ক। ১৯৯৬ চনত ভাৰতৰ জম্মুত নিচাযুক্ত দ্ৰব্য আৰু সন্ত্ৰাসবাদ দুয়োটাৰে সৈতে জড়িত গোচৰত গ্ৰেপ্তাৰ হৈছিল লতিফ। দোষী সাব্যস্ত হৈ ভাৰতত কাৰাদণ্ড ভুগি থকাৰ পিছত ২০১০ চনত ৱাগাহ সীমান্তৰ মাজেৰে বিতাড়িত কৰা হৈছিল লতিফক। ​দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটোৰ কাৰ্যকলাপ ভাৰতীয় নিৰাপত্তা সংস্থাসমূহৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.