আজি ১২ অক্টোবৰ

▶️১৯৫৭ চনৰ এই দিনটোতেই ভাৰতৰ ৰাজহুৱাখণ্ডৰ শিল্প প্ৰতিষ্ঠান ভিলাই ইস্পাট কাৰখানাত প্ৰথম ইস্পাট উৎপাদন আৰম্ভ হৈছিল।
▶️১৯৬৭ চনৰ আজিৰ দিনটোতেই সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াৰ মৃত্যু ঘটিছিল।
▶️১৯৮৬ চনৰ এই দিনটোতেই মধ্য আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ উপকূলৱৰ্তী সৰু দেশ এল ছালভাদোৰত প্ৰচণ্ড ভূমিকম্পত ১,৮০০ লোকৰ মৃত্যু।
▶️১৯৯০ চনৰ এই দিনটোতেই বিশ্বৰ কনিষ্ঠতম পৰ্বতাৰোহী ফ্ৰান্সৰ বেট্ৰাণ্ড ৰোছৰ এভাৰেষ্ট শৃংগত আৰোহণ।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই দুৰ্লভ প্ৰজাতিৰ প্ৰাণী চিকাৰৰ অভিযোগত অভিনেতা ছলমান খানক গ্ৰেপ্তাৰ।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই সুষমা স্বৰাজৰ দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই পাকিস্তানত সামৰিক শাসন। সেনাপ্ৰধান পাৰভেজ মুছাৰফৰ ক্ষমতা দখল। প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ গৃহবন্দী।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি পৃথিৱীৰ জনসংখ্যা হৈছিল ৬০০ কোটি। ৬০০ কোটি সংখ্যক শিশুটিৰ জন্ম হৈছিল কোছোভোত ভাৰতীয় সময়মতে নিশা ১২:০২ বজাত।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ তদানীন্তন সচিবপ্ৰধান কফি আন্নানলৈ শান্তিৰ নোবেল বঁটা।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ভাৰত- নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত প্ৰথম টেষ্ট ড্ৰ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.