আজিৰে পৰা গুৱাহাটীত B2B সন্মিলন!

আজিৰে পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হ’ল B2B সন্মিলন তথা এক্সপ!

নিউজ ডেস্ক:

জিৰে পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হ’ল B2B সন্মিলন তথা এক্সপ’। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত সাংহাই সহযোগিতা সংস্থাৰ উদ্যোগত হোটেল ৰেডিচন ব্লু’ত অনুষ্ঠিত হোৱা সন্মীলনখনিত দুদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত ঔষধ, চিকিৎসা বিজ্ঞানৰ সন্মিলন অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে এক্সপ’। B2B সন্মিলন তথা এক্সপ’ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জাপাৰা মহেন্দ্ৰভা, ম্যানমাৰৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ থেট খাইং ৱিন আৰু মালদ্বীপৰ স্বাস্থ্যমন্ত্ৰী মহম্মদ চৈয়দ।

পৰম্পৰাগত ঔষধৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে অনুষ্ঠিত B2B সন্মিলন তথা এক্সপ’ত ভাৰতকে ধৰি ১৭ খন দেশৰ প্ৰায় ডেৰ শতাধিক প্ৰতিনিধিয়ে শাৰীৰিকভাৱে অংশগ্ৰহণ কৰাৰ লগতে ভাৰ্চুৱেলী এই সন্মিলন আৰু এক্সপ’ত অংশগ্ৰহণ কৰিব বহুকেইখন দেশৰ প্ৰতিনিধিয়ে। উল্লেখ্য যে B2B এক্সপ’ত সাধাৰণ ৰাইজৰ বাবে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা ব্যৱস্থা কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.