আজি ২ মাৰ্চ

▶️১৯০৬ চনৰ আজিৰ দিনটোতেই সাহিত্যিক ত্ৰৈলোক্যনাথ গোস্বামীৰ জন্ম হৈছিল।
▶️১৯৩০ চনৰ এই দিনটোতেই ইংৰাজ ঔপন্যাসিক,কবি,গল্পকাৰ ডি এইছ লৰেন্সৰ ফ্ৰান্সত মৃত্যু হৈছিল। তেওঁৰ সম্পূৰ্ণ নাম আছিল ডেভিদ হাৰ্ভাৰ্ড লৰেন্স।
▶️১৯৩১ চনৰ এই দিনটোতেই ছোভিয়েট ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধান মিখাইল গৰ্বাচেভৰ জন্ম হৈছিল।
▶️১৯৩৮ চনৰ আজিৰ দিনটোতেই ৰোমান্টিক কবি,অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰৱৰ্তক চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হৈছিল।
▶️১৯৪৯ চনৰ এই দিনটোতেই সৰোজিনী নাইডুৰ মৃত্যু হৈছিল।
▶️১৯৮২ চনৰ আজিৰ দিনটোতেই পৃথিৱীৰ আটাইতকৈ দীঘল পথ দলং মহাত্মা গান্ধী সেতু মুকলি।বিহাৰৰ পাটনাত গংগা নদীৰ ওপৰত নিৰ্মিত এই দলঙৰ দৈৰ্ঘ্য ৫.৫৭৫ কিলোমিটাৰ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই আফগানিস্তানৰ তালিবান চৰকাৰৰ দ্বাৰা দেশখনত থকা প্ৰাচীন বৌদ্ধ মূৰ্তি ধ্বংস।।

You might also like
Leave A Reply

Your email address will not be published.