মধ্যপ্ৰদেশৰ ভিণ্ডত ভয়ংকৰ ঘটনা!

।বিয়াৰ অনুষ্ঠানৰ সময়ত ঘৰত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি মৃত্যুমুখত পৰে দৰাৰ মাতৃ!

নেচনেল ডেস্ক :

ধ্যপ্ৰদেশৰ ভিণ্ডত ভয়ংকৰ ঘটনা ।বিয়াৰ অনুষ্ঠানৰ সময়ত ঘৰত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি মৃত্যুমুখত পৰে দৰাৰ মাতৃ, পেহী আৰু দুগৰাকী ভগ্নী । জানিব পৰা মতে, ভিন্দ জিলাৰ গোৰ্মি অঞ্চলৰ কাচনৱ কলা গাঁৱৰ বাসিন্দা ৰিংকু যাদৱৰ বিবাহ অভ্যৰ্থনা ২২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া আছিল। ২০ ফেব্ৰুৱাৰীত সম্পন্ন হৈছিল বিবাহ অনুষ্ঠান। পৰিয়ালৰ বাহিৰেও ৰিংকুৰ ঘৰত আত্মীয়-স্বজন আৰু গাঁৱৰ মানুহ উপস্থিত আছিল। ৰাইজৰ বাবে খাদ্য প্ৰস্তুত কৰিবৰ বাবে সৰু সৰু গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰ সময়তে হঠাৎ চিলিণ্ডাৰত বিস্ফোৰণ ঘটিল। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ৰিংকু যাদৱৰ মাতৃ জলদেৱী, ভনীয়েক নীৰু, পেহী পিংকি, দুগৰাকী বিবাহিত ভগ্নী অনিতা আৰু সুনীতাকে ধৰি ১২জন লোক গুৰুতৰভাৱে আহত হয়।

সংকটজনক অৱস্থাত ৮ গৰাকী লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও ৰিংকু যাদৱৰ মাতৃ-ভগ্নীক সংকটজনক অৱস্থাত দিল্লীৰ এইমছলৈ প্ৰেৰণ কৰা হয়। কিন্তু চিকিৎসালয়তে মৃত্যু হয় পাঁচ গৰাকী মহিলাৰ। ঘটনাক কেন্দ্ৰ কৰি শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অঞ্চল।।

You might also like
Leave A Reply

Your email address will not be published.