আজি অভিশপ্ত ৯/১১ৰ ২২ সংখ্যক বৰ্ষপুতি

ইণ্টাৰনেচনেল ডেস্ক:

মেৰিকাৰ ইতিহাসত অন্যতম ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল ২০০১ চনৰ ৯ ছেপ্টেম্বৰত।এই দিনটোতেই নিউয়ৰ্ক চহৰ আৰু ৱাশ্বিংটন ডি চিত সংঘটিত হৈছিল ভয়ংকৰ আক্ৰমণ। সন্ত্ৰাসবাদীয়ে আমেৰিকাৰ ভিন ভিন বিমান বন্দৰৰ পৰা অপহৰণ কৰা চাৰিখন যাত্ৰীবাহী বিমানেৰে সংঘটিত কৰিছিল এই আক্ৰমণ। প্ৰথমে নিউয়ৰ্কৰ টুইন টাৱাৰত দুখন যাত্ৰীবাহী বিমানেৰে খুন্দা মাৰে। ইয়াৰ পিছত এখন বিমানে আমেৰিকাৰ পেণ্টাগনত আক্ৰমণ কৰাৰ বিপৰীতে আন এখন বিমানে ক্ৰেছ কৰে পেনচিলভেনিয়াত । সন্ত্ৰাসবাদীৰ এই ভয়ংকৰ আক্ৰমণত মৃত্যু হৈছিল প্ৰায় ৩ হাজাৰ লোকৰ । আনহাতে নিখোজ হৈছিল হাজাৰৰো অধিক লোক।সম্পূৰ্ণ ৰূপে ধ্বংসস্তুপত পৰিণত হৈছিল ৱৰ্ল্ড ট্ৰেড চেন্টাৰ।মুছলিম ব্ৰাদাৰহুডৰ সক্ৰিয় সদস্য খালিদ শ্বেখ মহম্মদ আছিল ৯/১১ আক্ৰমণৰ মূল পৰিকল্পনাকাৰী । সন্ত্ৰাসবাদী আক্ৰমণৰ দুটা দশকৰো অধিক সময়ৰ পাছতো সমগ্ৰ বিশ্ববাসীয়ে এতিয়াও সোঁৱৰে আমেৰিকাৰ ইতিহাসৰ এই সৰ্ববৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক। আজি ৯/১১ কাণ্ডৰ ২২ সংখ্যক বৰ্ষপুতিত বিশ্ববাসীয়ে আক্ৰমণৰ বলি হোৱা লোকসকলৰ লগতে মানৱতাক ৰক্ষাৰ বাবে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰা ত্ৰাণকৰ্তা বীৰসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.