সাম্প্ৰদায়িক অন্তৰায় মোহাৰি দুই ভাতৃৰ ঐক্যবদ্ধ শক্তি! কুকি-মেইটেইৰ গ’লেৰে জিকিল ভাৰত

১৬ বছৰ অনুৰ্ধ আন্তৰাষ্ট্ৰীয় SAFF ফুটবলৰ চূড়ান্ত খেলত ভাৰতে বাংলাদেশক ২-০ গ'লত পৰাস্ত কৰি অৰ্জন কৰে চুড়ান্ত বিজয়ীৰ খিতাপ

নিউজ ডেস্ক:

কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষই মানৱতাৰ বধ্যভূমিত পৰিনত কৰিছে মনিপুৰক।এটা জনগোষ্ঠীয়ে আনটোৰ ছাঁটোকে সহ্য কৰিব নোৱাৰা পৰিবেশ মনিপুৰত। কিন্তু সংঘৰ্ষ জৰ্জৰিত মনিপুৰৰ এই দুই জনগোষ্ঠীৰ দুই কিশোৰৰ ঐক্যবদ্ধ শক্তিৰ বলত দেওবাৰে ভূটানৰ ৰাজধানী থিম্ফুত অনুষ্ঠিত ১৬ বছৰ অনুৰ্ধ আন্তৰাষ্ট্ৰীয় SAFF ফুটবলৰ চূড়ান্ত খেলত ভাৰতে বাংলাদেশক ২-০ গ’লত পৰাস্ত কৰি অৰ্জন কৰে চুড়ান্ত বিজয়ীৰ খিতাপ। তীব্ৰ উত্তেজনাপুৰ্ণ খেলখনত মেইটেই সম্প্ৰদায়ৰ ভাৰত লৰেনজামে প্ৰথমাৰ্দ্ধত এটা গ’লেৰে দেশক অগ্ৰগতি দিয়াৰ পিছত দ্বিতীয়াৰ্ধত কুকি জনগোষ্ঠীৰ লেৱিছ জাংমিনলুনে আন এটা গ’লেৰে ভাৰতৰ বিজয় নিশ্চিত কৰি পৰস্পৰে পৰস্পৰক সাৱটি ধৰি ভাতৃত্ববোধৰ চানেকি দাঙি ধৰিলে।।

You might also like
Leave A Reply

Your email address will not be published.