আজি ১২ ছেপ্টেম্বৰ

▶️১৩৯৮ চনৰ আজিৰ দিনটোতেই তুৰ্কী অভিযানকাৰী টাইমূৰৰ ভাৰত আক্ৰমণ আৰু দিল্লী দখল। সমগ্ৰ উত্তৰ ভাৰতত লুন্ঠন।
▶️১৭৮৬ চনৰ আজিৰ দিনটোতেই লৰ্ড কৰ্নৱালিছ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল।
▶️১৮৯৪ চনৰ এই দিনটোতেই প্ৰসিদ্ধ বাংলা সাহিত্যিক বিভূতিভূষণ বন্দোপাধ্যায়ৰ জন্ম। ‘পথেৰ পাঁচালি’ তেওঁৰ প্ৰসিদ্ধ উপন্যাস।
▶️১৮৯৭ চনৰ আজিৰ দিনটোতেই ফৰাচী বিজ্ঞানী ইৰেন জোলিঅ’ কুৰীৰ জন্ম হৈছিল। ১৯৩৫ চনত তেঁও ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। উল্লেখযোগ্য যে ইৰেনৰ পিতৃ-মাতৃ পীয়েৰ আৰু মেৰী কুৰীয়েও নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৫৯ চনৰ আজিৰ দিনটোতেই চন্দ্ৰলৈ ৰাছিয়াৰ প্ৰথম মহাকাশযান উৎক্ষেপণ।
▶️১৯৭০ চনৰ এই দিনটোতেই চন্দ্ৰ অভিমুখে ৰাছিয়াৰ অনুসন্ধানী যান লুনা-১৬ৰ উৎক্ষেপণ। ইতিহাসত প্ৰথমবাৰৰ বাবে এখন স্বয়ংক্ৰিয় যানে চন্দ্ৰত সফল অৱতৰণ কৰে।যানখনে চন্দ্ৰশিলা সংগ্ৰহ কৰি পৃথিৱীলৈ কঢ়িয়ায়।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ৱৰ্ল্ড ট্ৰেড চেন্টাৰ আৰু পেন্টাগনত আক্ৰমণকাৰীৰ বিৰুদ্ধে আমেৰিকাৰ যুদ্ধ ঘোষণা।।

You might also like
Leave A Reply

Your email address will not be published.