আজি ১০ জানুৱাৰী

▶️আজি বিশ্ব হাস্য দিৱস।
▶️১৬১৬ চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ ৰাষ্ট্ৰদূত ছাৰ টমাছ ৰো আজমীৰত জাহাংগীৰৰ দৰবাৰত উপস্থিত হৈছিল। দ্বিপাক্ষিক সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে ৰো ভাৰতলৈ আহিছিল।
▶️১৬৯৩ চনৰ এই দিনটোতেই কলকাতা চহৰৰ প্ৰতিষ্ঠাপক জোব চাৰ্নকৰ মৃত্যু হৈছিল।
▶️১৮১৮ চনৰ এই দিনটোতেই ৰামপুৰত ব্ৰিটিছ আৰু মাৰাঠাৰ তৃতীয় তথা শেষ যুদ্ধ।এই যুদ্ধৰ পাছত মাৰাঠা সেনাই ছত্ৰভংগ দিয়ে।
▶️১৮৪০ চনৰ আজিৰ দিনটোতেই ব্ৰিটেইনত বিশ্বৰ প্ৰথমটো ডাকটিকট ‘পেনী ব্লেক’ৰ প্ৰৱৰ্তন।এই বছৰৰে ৬ মে’ৰ পৰা ডাকটিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ হৈছিল।
▶️১৮৬২ চনৰ এই দিনটোতেই ৰিভলভাৰৰ আৱিষ্কাৰক ছেমুৱেল কোল্টৰ মৃত্যু হৈছিল।
▶️১৮৯৬ চনৰ এই দিনটোতেই অসমত প্ৰৱল ভূমিকম্পৰ ফলত বৰাক নদীৰ দুয়োপাৰ ১৫ ফুট পৰ্যন্ত গভীৰ পানীত বুৰ যায়।
▶️১৯২০ চনৰ এই দিনটোতেই জেনেভাত জাতিসংঘৰ প্ৰথমখন বৈঠক অনুস্থিত হৈছিল।
▶️১৯৬৩ চনৰ আজিৰ দিনটোতেই ভাৰতত স্বৰ্ণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ প্ৰৱৰ্তন।
▶️১৯৬৬ চনৰ আজিৰ দিনটোতেই ভাৰত-পাকিস্তানৰ মাজত তাছখণ্ড চুক্তি স্বাক্ষৰিত।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ চিত্ৰশিল্পী ভৱেশ চন্দ্ৰ সান্যালৰ মৃত্যু হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই PLOৰ কাৰ্যকৰী সভাপতি মেহমুদ আব্বাছ য়াছেৰ আৰাফটৰ উত্তৰসুৰী ৰূপে নিৰ্বাচিত।
▶️২০০৫ চনৰ এই দিনটোতেই অসমত দ্ৰুতবেগী ভলভো বাছসেৱা আৰম্ভ।
▶️২০০৫ চনৰ এই দিনটোতেই মৃণাল সেনলৈ দাদা চাহেব ফাল্কে বঁটা ঘোষণা।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই PSLVC-7ৰ সফল উৎক্ষেপণ।।

 

You might also like
Leave A Reply

Your email address will not be published.