তিৰুচিৰাপল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সোণৰ গুৰিৰ লগতে এদাল সোনৰ হাৰ উদ্ধাৰ!

নেচনেল ডেস্ক:

তামিলনাডুৰ তিৰুচিৰাপল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চকলেট পাউদাৰৰ সৈতে মিহলি কৰা সোণৰ গুৰিৰ লগতে এদাল সোনৰ হাৰ উদ্ধাৰ কৰে শুল্ক বিষয়াই। দেওবাৰে এয়াৰ ইণ্ডিয়াৰ বিমানত ডুবাইৰ পৰা অহা এজন যাত্ৰীক পৰীক্ষাৰ সময়ত চকলেট পাউদাৰৰ তিনিটা পাত্ৰত কৌশলেৰে লুকুৱাই ২৪ কেৰেট বিশুদ্ধতাৰ ২১১ গ্ৰাম সোণৰ গুৰি উদ্ধাৰ কৰে শুল্ক বিভাগৰ বিষয়াই। বেগেজটোত ১৭৫ গ্ৰাম ওজনৰ এদাল সোণৰ চেইনো উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। উদ্ধাৰ হোৱা সোণৰ মুঠ মূল্য ২১.৫৫ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে। চোৰাং সোন সৰবৰাহৰ অভিযোগত যাত্ৰীজনক আটক কৰে শুক্ল বিভাগে।।

You might also like
Leave A Reply

Your email address will not be published.