আজি ৯ জানুৱাৰী

▶️আজি প্ৰৱাসী ভাৰতীয় দিৱস।
▶️১৬৬৩ চনৰ এই দিনটোতেই মিৰজুমলাৰ অসম আক্ৰমণৰ পৰিনতিত হোৱা সন্ধিৰ চৰ্ত অনুসৰি আহোম ৰাজকুঁৱৰী ৰমণী গাভৰুক মোগলৰ অন্দৰমহললৈ প্ৰেৰণ। মিৰজুমলাৰ অসমৰ পৰা প্ৰত্যাৱৰ্তন ঘোষণা।
▶️১৯১৫ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাত আইন অমান্য আন্দোলন কৰি মহাত্মা গান্ধীৰ মুম্বাইলৈ প্ৰত্যাৱৰ্তন।
▶️১৯১৫ চনৰ এই দিনটোতেই আহমেদাবাদৰ সৰবমতী নদীৰ পাৰত মহাত্মা গান্ধীৰ সত্যাগ্ৰহ আশ্ৰম প্ৰতিষ্ঠা।পাছলৈ ইয়েই সৰবমতী আশ্ৰমৰূপে প্ৰখ্যাত হয়।এই বছৰতে গান্ধীজীয়ে আনুষ্ঠানিকভাবে কংগ্ৰেছত যোগদান কৰে।
▶️১৯২১ চনৰ এই দিনটোতেই পাকিস্তানৰ ৰায়পুৰত বিজ্ঞানী হৰগোবিন্দ খোৰানাৰ জন্ম হৈছিল।
▶️১৯৫১ চনৰ আজিৰ দিনটোতেই স্বাধীন ভাৰতৰ প্ৰথম লোকপিয়ল আৰম্ভ হৈছিল।
▶️১৯৭২ চনৰ আজিৰ দিনটোতেই ১৯৭১ চনত ৪৩৩ খন কাহিনীচিত্ৰ নিৰ্মাণেৰে ভাৰত বিশ্বৰ সৰ্বাধিক ছবি নিৰ্মাতা দেশৰূপে পৰিগণিত হৈছিল।
▶️১৯৮২ চনৰ এই দিনটোতেই এছ জেড কাছিমৰ নেতৃত্বত যোৱা ২১ জনীয়া ভাৰতীয় অভিযাত্ৰী দলৰ প্ৰথমবাৰৰ বাবে এন্টাৰ্কটিকাত পদাৰ্পণ। দলটোৱে ইয়াতে ভাৰতীয় ত্ৰিৰংগ পতাকা পুতি ‘দক্ষিণ গংগোত্ৰী’ নামৰ এটা স্থায়ী কেন্দ্ৰও স্থাপন কৰিছিল।
▶️১৯৯৬ চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী নাদীয়াৰ মৃত্যু ঘটিছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই নলিনীধৰ ভট্টাচাৰ্যলৈ ছগনলাল জৈন বঁটা ঘোষণা।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ষষ্ঠদশ গুৱাহাটী গ্ৰন্থমেলাৰ সামৰণি পৰিছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই নতুন দিল্লীত NSCN আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ঐতিহাসিক শান্তি আলোচনা আৰম্ভ হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই ‘কাঠগুলাব’ শীৰ্ষক গ্ৰন্থৰ বাবে মৃদুলা গাৰ্গলৈ আগবঢ়োৱা হৈছিল ব্যাস সন্মান।।

You might also like
Leave A Reply

Your email address will not be published.