আজি ১০ ডিচেম্বৰ

▶️আজি মানৱ অধিকাৰ দিৱস।
▶️আজি শক্তি সংৰক্ষণ দিৱস।
▶️আজি শ্বহীদ দিৱস (অসমত পালন কৰা হয়)।
▶️১৮৩৫ চনৰ আজিৰ দিনটোতেই ‘হেমকোষ’ৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল।
▶️১৮৭৯ চনৰ এই দিনটোতেই চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীৰ জন্ম হৈছিল।
▶️১৮৯১ চনৰ আজিৰ দিনটোতেই ছুইডেনৰ মহিলা কবি আৰু নাট্যকাৰ নেলী ছাখছৰ জন্ম হৈছিল। ১৯৬৬ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৮৯৬ চনৰ আজিৰ দিনটোতেই ছুইডেনৰ ৰসায়নবিদ আলফ্ৰেড নোবেলৰ মৃত্যু হৈছিল।
▶️১৯০১ চনৰ এই দিনটোতেই জাৰ্মান পদাৰ্থ বিজ্ঞানী উইলহেল্ম ৰন্টজেনলৈ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে।পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা এওঁৱেই প্ৰথম বিজ্ঞানী।
▶️১৯৭৯ চনৰ এই দিনটোতেই অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হৈছিল।
▶️২০০০ চনৰ এই দিনটোতেই পাকিস্তানৰ অপসাৰিত প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক দেশৰ পৰা নিৰ্বাসন।
▶️২০০১ চনৰ আজিৰ দিনটোতেই হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰবাদ পুৰুষ, দাদা চাহেব ফাল্কে বঁটা বিজয়ী অশোক কুমাৰৰ মৃত্যু হৈছিল।
▶️২০০৪ চনৰ এই দিনটোতেই ৪৩৬ টা উইকেট দখল কৰি অনিল কুম্বলে টেষ্ট ক্ৰিকেটত সৰ্ব্বাধিক উইকেট দখলকাৰী খেলুৱৈ ৰূপে পৰিগণিত হৈছিল।
▶️২০০৬ চনৰ এই দিনটোতেই ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ আন ৬ মহাকাশচাৰীসহ মহাকাশলৈ যাত্ৰা।।

You might also like
Leave A Reply

Your email address will not be published.