আজি ১৫ ডিচেম্বৰ

➡️১০২৫ চনৰ আজিৰ দিনটোত সম্ৰাট দ্বিতীয় বাছিলৰ পিছত অষ্টম কনষ্টানটাইনৰ ৰোমৰ সিংহাসনত আৰোহণ।
➡️১৮৫২ চনৰ ১৫ ডিচেম্বৰ তাৰিখে ফৰাচী পদাৰ্থবিদ, তেজস্ক্ৰিয় ৰশ্মিৰ আৱিষ্কাৰক এন্টোইন হেনৰী বেকাৰেলৰ জন্ম হৈছিল।
➡️১৮৬০ চনৰ আজিৰ দিনটোতে চিকিৎসা-বিজ্ঞানত ফটো থেৰাপীৰ আৱিষ্কাৰক নীলছ ৰাইচবাৰ্গৰ জন্ম হৈছিল। ১৯০৩ চনত তেওঁ চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৩০ চনৰ আজিৰ দিনটোতে নাট্যকাৰ-অভিনেতা দুৰ্গেশ্বৰ বৰঠাকুৰৰ জন্ম হৈছিল।
➡️১৯৫০ চনৰ ১৫ ডিচেম্বৰ তাৰিখে স্বাধীনতা আন্দোলনৰ নেতা, লৌহ মানৱ, স্বাধীন ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ মৃত্যু হৈছিল।
➡️১৯৬০ চনৰ আজিৰ দিনটোতে ৰজা মহেন্দ্ৰ বীৰ বিক্ৰম শ্বাহ দেৱৰ নেপালৰ জাতীয় সংসদ ভংগ কৰা হৈছিল।
➡️১৯৬৬ চনৰ ১৫ ডিচেম্বৰ তাৰিখে কাৰ্টুন ছবিৰ প্ৰসিদ্ধ নিৰ্মাতা ৱাল্ট ডিজনীৰ মৃত্যু হৈছিল।
➡️১৯৮৮ চনৰ আজিৰ দিনটোতে ভাৰতত ভোটাধিকাৰৰ সময়সীমা ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস পাইছিল।
➡️১৯৯৩ চনৰ আজিৰ দিনটোতে পৃথিৱীৰ ১১৭ খন দেশৰ ‘গেট’ (GATT: General Agreement of tariffs and trade) চুক্তিত স্বাক্ষৰৰ বাবে সন্মতি প্ৰদান কৰা হৈছিল।
➡️২০০৬ চনৰ আজিৰ দিনটোতেই বেন কি মুন ৰাষ্ট্ৰসংঘৰ নতুন সচিবপ্ৰধান নিযুক্তহৈছিল।
➡️১৯৭৬ চনৰ ১৫ ডিচেম্বৰ তাৰিখে ভাৰতীয় ফুটবলৰ কিংবদন্তি খেলুৱৈ বাইচুং ভুটীয়াৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.