আজি ১৬ ডিচেম্বৰ

▶️১৭৭০ চনৰ এই দিনটোতেই বিখ্যাত সংগীতজ্ঞ লুডইগি ভান বিথোভেনৰ জন্ম হৈছিল।
▶️১৭৭৫ চনৰ আজিৰ দিনটোতেই বিখ্যাত ইংৰাজ লেখিকা জেন অষ্টিনৰ জন্ম হৈছিল। ‘প্ৰাইড এণ্ড প্ৰিজুডিছ’ তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ।
▶️১৮৭২ চনৰ আজিৰ দিনটোতেই সাহিত্যিক কনকলাল বৰুৱাৰ জন্ম হৈছিল।
▶️১৯২০ চনৰ এই দিনটোতেই চীনত প্ৰবল ভূমিকম্পত দুই সহস্ৰাধিক লোকৰ মৃত্যু হৈছিল।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ মৃত্যু হৈছিল।
▶️১৯৫৭ চনৰ এই দিনটোতেই ‘নাটো'(NATO)ৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল।
▶️১৯৬৫ চনৰ এই দিনটোতেই কুৰি শতিকাৰ জনপ্ৰিয় লেখক, নাট্যকাৰ, ঔপন্যাসিক ছমাৰছেট মমৰ মৃত্যু হৈছিল।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই ভাৰত-পাকিস্তান যুদ্ধত পাকিস্তানী সেনাৰ আত্মসমৰ্পণ। এই যুদ্ধৰ আৰম্ভণিতে বাংলাদেশে এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে স্বীকৃতি লাভ কৰিছিল।
▶️১৯৯৬ চনৰ এই দিনটোতেই বাংলাদেশৰ স্বাধীনতা লাভৰ ২৫ বছৰীয়া জয়ন্তী উদযাপন।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰীয় জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ বহ্নিমান বৰা আৰু কৃষ্ণা ডেকাৰজা বিজয়ী হৈছিল।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ক্ৰিকেট কন্ট্ৰল বোৰ্ডৰ পৰা জগমোহন ডালমিয়াক বৰ্খাস্ত কৰা হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই বিশিষ্ট বড়ো নৃত্যবিদ ক্ষীৰোদ খাখলাৰীলৈ সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.