আজি ১৬ ডিচেম্বৰ

➡️১৭৭০ চনৰ ১৬ ডিচেম্বৰ তাৰিখে বিখ্যাত সংগীতজ্ঞ লুডইগি ভান বিথোভেনৰ জন্ম হৈছিল।
➡️১৭৭৫ চনৰ আজিৰ দিনটোতে বিখ্যাত ইংৰাজ লেখিকা জেন অষ্টিনৰ জন্ম হৈছিল। ‘প্ৰাইড এণ্ড প্ৰিজুডিছ’ তেওঁৰ এখন প্ৰসিদ্ধ গ্ৰন্থ।
➡️১৮৭২ চনৰ আজিৰ দিনটোতে সাহিত্যিক কনকলাল বৰুৱাৰ জন্ম হৈছিল।
➡️১৯২০ চনৰ ১৬ ডিচেম্বৰ তাৰিখে চীনত প্ৰবল ভূমিকম্প হৈছিল। প্ৰায় ২,০০০ লোকৰ মৃত্যু হৈছিল।
➡️১৯৩৯ চনৰ আজিৰ দিনটোতে কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ মৃত্যু হৈছিল।
➡️১৯৫৭ চনৰ আজিৰ দিনটোতে ‘নাটো’ৰ (NATO) প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল।
➡️১৯৬৫ চনৰ ১৬ ডিচেম্বৰ তাৰিখে কুৰি শতিকাৰ জনপ্ৰিয় লেখক, নাট্যকাৰ, ঔপন্যাসিক ছমাৰছেট মমৰ মৃত্যু হৈছিল।
➡️১৯৭১ চনৰ আজিৰ দিনটোতে ভাৰত-পাকিস্তান যুদ্ধত পাকিস্তানী সেনাৰ আত্মসমৰ্পণ। এই যুদ্ধৰ আৰম্ভণিতে বাংলাদেশে এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে স্বীকৃতি লাভ কৰে।
➡️২০০১ চনৰ এই দিনটোতে ৰাষ্ট্ৰীয় জুনিয়ৰ বেডমিন্টন প্ৰতিযোগিতাত অসমৰ বহ্নিমান বৰা কৃষ্ণা ডেকাৰজা বিজয়ী হৈছিল।
➡️২০০৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট কন্ট্ৰোল ব’ৰ্ডৰ পৰা জগমোহন ডালমিয়াক বৰ্খাস্ত কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.