আজি ১৮ ডিচেম্বৰ

➡️১৩৯৯ চনৰ আজিৰ দিনটোতে যুদ্ধত টাইমুৰৰ হাতত দিল্লীৰ চুলতান মহম্মদ টোগলক পৰাস্ত হৈছিল।টাইমুৰৰ দিল্লী দখল।
➡️১৭৭৮ চনৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী হামফ্ৰে ডেভিৰ জন্ম হৈছিল। ‘নিৰাপদ চাকি’ তেওঁৰ স্মৰণীয় আৱিষ্কাৰ।
➡️১৯০৩ চনৰ এই দিনটোতে আমেৰিকাৰ ৰাইট ভাতৃদ্বয়ৰ প্ৰথম ইঞ্জিনচালিত উৰাজাহাজ নিৰ্মাণ আৰু উৰণ সম্পন্ন হৈছিল।
➡️১৯০৭ চনৰ ১৮ ডিচেম্বৰ তাৰিখে স্কটলেণ্ডৰ প্ৰসিদ্ধ বিজ্ঞানী উইলিয়াম টমছন কেলভিনৰ মৃত্যু হৈছিল।
➡️১৯৪০ চনৰ এই দিনটোতে মহাত্মা গান্ধীৰ ব্যক্তিগত সত্যাগ্ৰহ আন্দোলন স্থগিত কৰা হৈছিল।
➡️১৯৪৪ চনৰ আজিৰ দিনটোতে শিক্ষাবিদ শৰৎ চন্দ্ৰ গোস্বামীৰ মৃত্যু হৈছিল।
➡️১৯৬১ চনৰ ১৮ ডিচেম্বৰ তাৰিখে পৰ্তুগীজৰ হাতৰ পৰা ভাৰতীয় সেনাৰ দমন আৰু দিউ উদ্ধাৰ।
➡️১৯৬৮ চনৰ আজিৰ দিনটোতে কবি, নাট্যকাৰ শৈলধৰ ৰাজখোৱাৰ মৃত্যু হৈছিল।
➡️১৯৮৮ চনৰ আজিৰ দিনটোতে বৰোদাত ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত এখন এদিনীয়া খেলত মহম্মদ আজহাৰউদ্দিনে ৬২টা বলত ১০০ ৰান সংগ্ৰহ কৰিছিল। ই এক বিশ্ব ৰেকৰ্ড।
➡️২০০৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে প্ৰসিদ্ধ কাৰ্টুন চৰিত্ৰ ‘টম এণ্ড জেৰী’ৰ স্ৰষ্টা জো বাৰবাৰাৰ (৯৫) মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.