ভাৰতৰ হাতত পৰাস্ত পাকিস্তান

ভাৰতৰ পুৰুষৰ এছিয়ান চেম্পিয়ন ট্ৰফী লাভ । আজি ঢাকাত অনুষ্ঠিত এছিয়ান চেম্পিয়ন ট্ৰফী ২০২১ত ভাৰতীয় হকী দলে চিৰবৈৰী পাকিস্তানক ৩-১ গ’লত পৰাস্ত কৰি এছিয়ান চেম্পিয়ন ট্ৰফী হস্তগত কৰে । ভাৰতৰ হৈ পেনাল্টি কৰ্ণাৰৰ জৰিয়তে হৰমনপ্ৰীত সিঙে দুটা আৰু আকাশদীপ সিঙে এটা গ’ল কৰে।

উল্লেখ্য যে, ঢাকাত অনুষ্ঠিত হোৱা ২০২১ চনৰ এছিয়ান চেম্পিয়নছ ট্ৰফী পুৰুষ হকী প্ৰতিযোগিতাত ৰাউণ্ড-ৰবিন পৰ্যায়ত ভাৰতে তিনিখন খেলৰ ভিতৰত দুখনত জয়লাভ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.