এবছৰত কি কি পাব মিছ ইউনিভাৰ্ছ হাৰনাজে?

২১ বছৰৰ মূৰত সৌন্দৰ্য্যৰে ব্ৰহ্মাণ্ড জিনি ভাৰতলৈ তৃতীয়টো মিছ ইউনিভাৰ্ছ সন্মান কঢ়িয়াই অনা চণ্ডীগড়ৰ ২১ বছৰীয়া হাৰনাজ সান্ধু একে ৰাতিৰ ভিতৰতে হৈ পৰিল আকাশলংঘী ঐশ্বৰ্য্যৰো গৰাকী।মিছ ইউনিভাৰ্ছ খিতাপ জয়েৰে হাৰনাজৰ শিৰত জিলিকি উঠা মুকুটটোৰ মূল্য এই পৰ্যন্ত প্ৰতিযোগিতাখনৰ সৰ্বাধিক। ১,৭২৫ টা হীৰাৰ মুকুতা খচিত মুকুটটোৰ ভাৰতীয় মূল্য প্ৰায় ৩৭ কোটি টকা। বিজয়ী সুত্ৰে মিছ ইউনিভাৰ্ছ সংস্থাৰ প্ৰধান ব্ৰেণ্ড এম্বেচেদৰ হৈ পৰা হাৰনাজে নিউয়ৰ্কত লাভ কৰিছে এটা বিলাসবহুল পেন্টহাউছ। এবছৰৰ বাবে বিশ্বৰ সকলো দেশ ভ্ৰমণৰ সুবিধা পাব লগা হাৰনাজে অংশ ল’ব মিছ ইউনিভাৰ্ছ সংস্থাৰ বিশ্বব্যাপি সকলো অনুষ্ঠানত।ইয়াৰ বিনিময়ত মাহে বহুলাখ টকাৰ বেতন পাব হাৰনাজে।তদুপৰি বিভিন্ন চিনেমা,বিজ্ঞাপন আদিত শ্বুটিঙৰ বাবদ পাব লগা পাৰিশ্ৰমিকৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এবছৰৰ বাবে মিছ ইউনিভাৰ্ছ গৰাকীৰ খাদ্যৰ পৰা পোচাকলৈ সকলো দিশ চোৱাচিতাৰ বাবে নিয়োজিত থাকিব বিশেষজ্ঞৰ দল।তদুপৰি মিছ ইউনিভাৰ্ছ খিতাপ বিজয়ৰ সুত্ৰেই হাৰনাজে এবছৰৰ বাবে লাভ কৰিছে ব্যক্তিগত মেক আপ আৰ্টিষ্টো।

ইজৰাইলত ৭৯ খন দেশৰ সুন্দৰীক পৰাস্ত কৰি যোৱা বুধবাৰে গৃহভূমিত উপস্থিত হ’লহি মিছ ইউনিভাৰ্ছ গৰাকী।ৰঙা ৰঙৰ বডিকন ছং ড্ৰেছ পৰিধান কৰি মুম্বাই বিমান বন্দৰত অৱতৰণ কৰা চণ্ডীগড়ৰ ২১ বছৰীয়া হাৰনাজ সান্ধুক কাষৰ পৰা চাবলৈ সেইদিনা লোকাৰণ্য হৈ পৰা দেখা গ’ল বিমান বন্দৰৰ চৌদিশ।।

You might also like
Leave A Reply

Your email address will not be published.