মোডীলৈ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নগাদাগ পেল গি খোৰলো’। শুকুৰবাৰে ভূটান চৰকাৰে প্ৰধানমন্ত্ৰী মোডীক এই সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰে। দেশৰ ৰাষ্ট্ৰপ্ৰধান জিগমে খেছাৰ নামগাইল ৱাংচুকে চুবুৰীয়া দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মানৰ বাবে মোডীৰ নাম ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ভাৰতে বিগত সময়চোৱাত, বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ সময়ত ভূটানলৈ আগবঢ়োৱা ‘চৰ্তহীন বন্ধুত্ব’ তথা সমৰ্থনক কৃতজ্ঞতাৰে দোহাৰে চুবুৰীয়া দেশখনে।।

You might also like
Leave A Reply

Your email address will not be published.