আজি ১৮ মাৰ্চ

➡️গ্ৰাহক দিৱস।
➡️বিশ্ব গ্ৰাহক সুৰক্ষা দিৱস।
➡️১৮৫৮ চনৰ ১৮ মাৰ্চ ডিজেল ইঞ্জিনৰ উদ্ভাৱক জাৰ্মান প্ৰযুক্তিবিদ ৰুডলফ ডিজেলৰ জন্ম।
➡️১৯১১ চনত ভাৰতত পঞ্চম লোকপিয়লৰ তথ্য ঘোষণা। এই তথ্য অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা ৩১ কোটি ৫১ লাখ ৫৬ হাজাৰ ৩৯৬ জন।
➡️১৯১২ চনত প্ৰসিদ্ধ বাংলা ঔপন্যাসিক বিমল মিত্ৰৰ জন্ম। ‘চাহেব বিবি গোলাম’ তেওঁৰ প্ৰসিদ্ধ উপন্যাস।
➡️১৯১৯ চনত ভাৰতৰ স্বাধীনতা আন্দোলন দমনৰ অৰ্থে ইংৰাজৰ ৰাওলাট আইন প্ৰৱৰ্তন।
➡️১৯৪৪ চনত সুভাস চন্দ্ৰ বসুৰ নেতৃত্বত আজাদ হিন্দ ফৌজৰ ব্ৰহ্মদেশ(ম্যানমাৰ) সীমান্ত অতিক্ৰমি ভাৰতত প্ৰৱেশ।
➡️১৯৬১ চনত যোৰহাটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম আৰু প্ৰধান আঞ্চলিক গৱেষণাগাৰৰ আধাৰশিলা স্থাপন।
➡️১৯৭২ নতুন দিল্লীত প্ৰথম বিশ্ব গ্ৰন্থমেলা আৰম্ভ।
➡️১৯৭৪ চনত কবি, সাহিত্যিক, শিল্পী মহেন্দ্ৰনাথ ডেকাফুকনৰ মৃত্যু।
➡️১৯৯৯ চনত দূৰদৰ্শনৰ ক্ৰীড়া চেনেল ‘ডি ডি স্প’টছ’ উদ্বোধন।
➡️২০০২ চনত লোকসভাত বিতৰ্কিত সন্ত্ৰাহবাদ বিৰোধী অধ্যাদেশ প’টা (POTA) গৃহীত।
➡️২০০৫ চনত কল্পবিজ্ঞান কাহিনীৰ প্ৰসিদ্ধ লেখক আণ্ড্ৰে নৰ্তনৰ মৃত্যু।
➡️আজিৰ দিনটোতে গুৱাহাটীত গ্ৰন্থমেলা আৰম্ভ।

You might also like
Leave A Reply

Your email address will not be published.