আজি ১৯ ছেপ্টেম্বৰ

▶️১৩৫৬ চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ ৰজা তৃতীয় এডৱাৰ্ডৰ পুত্ৰ ব্লেক প্ৰিন্সেছৰ ফ্ৰান্সৰ বিৰুদ্ধে জয়লাভ। ফ্ৰান্সৰ ৰজা দ্বিতীয় জন (John) বন্দী।
▶️১৫৮১ চনৰ আজিৰ দিনটোতেই চতুৰ্থ শিখ গুৰু ৰামদাসৰ দেহাৱসান। সম্ৰাট আকবৰে দান দিয়া এক ভূমিখণ্ডত ১৫৭৭ চনত ৰামদাসে প্ৰসিদ্ধ অমৃতসৰ চহৰ তথা সৰোবৰ প্ৰতিষ্ঠা কৰিছিল।
▶️১৭৮৩ চনৰ আজিৰ দিনটোতেই ফ্ৰান্সৰ মন্টগ’লফিৰ ভাতৃদ্বয়ে এটা কুকুৰা, এটা ভেড়া আৰু এটা হাঁহ বেলুনত ভৰাই উৰুৱায়। মাটিত বাস কৰা অধিবাসীৰ ভিতৰত এইকেইটাই আছিল প্ৰথম আকাশযাত্ৰী।
▶️১৯৩৬ চনৰ এই দিনটোতেই ভাৰতীয় ধ্ৰুপদী সংগীতৰ কিংবদন্তি বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ দেহাৱসান।
▶️১৯৩৮ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰথম মুখ্যমন্ত্ৰী(তেতিয়াৰ প্ৰধানমন্ত্ৰী) হৈছিল গোপীনাথ বৰদলৈ।১৯৩৯ চনৰ ১৭ নৱেম্বৰলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৬০ চনৰ এই দিনটোতেই ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জল চুক্তি স্বাক্ষৰিত হৈছিল।
▶️১৯৭৩ চনৰ আজিৰ দিনটোতেই অসমৰ ৰাজ্যপাল ৰূপে লালন প্ৰসাদ সিঙৰ কাৰ্যভাৰ গ্ৰহণ। ১৯৮১ চনৰ ১০ আগষ্টলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই সুদীৰ্ঘ ১৬ বছৰৰ অন্তত বাংলাদেশত ৰাষ্ট্ৰপতিপ্ৰধান চৰকাৰৰ অৱসান ঘটি গঠন হৈছিল সংসদীয় চৰকাৰ। বেগম খালেদা জিয়াৰ নেতৃত্বত গঠন হৈছিল নতুন চৰকাৰ।
▶️২০০০ চনৰ আজিৰ দিনটোতেই ছিডনী অলিম্পিকত ভাৰতৰ কাৰ্ণম মালেশ্বৰীৰ ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক অৰ্জন।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ৰায়বৰেলী আদালতৰ দ্বাৰা বাবৰি মছজিদ ধ্বংসৰ অভিযোগত লালকৃষ্ণ আদৱানিক দোষমুক্ত ঘোঘণা।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই বড়ো ভাষাৰ প্ৰথমখন দৈনিক কাকত ‘স্বানচেয়াৰী বড়োলেণ্ড ইংগং’ৰ প্ৰকাশ।।

You might also like
Leave A Reply

Your email address will not be published.