আজি ১৯ জানুৱাৰী

▶️১৫৯৭ চনৰ আজিৰ দিনটোতেই মেৱাৰৰ ৰাণা প্ৰতাপ সিংহৰ মৃত্যু হৈছিল।
▶️১৭৩৬ চনৰ এই দিনটোতেই স্কটলেণ্ডৰ যন্ত্ৰবিদ,আধুনিক ভাপ ইঞ্জিনৰ আৱিষ্কাৰক জেমছ ৱাটৰ জন্ম হৈছিল।
▶️১৮৬০ চনৰ আজিৰ দিনটোতেই ৰুছ নাট্যকাৰ আৰু চুটিগল্প লেখক আন্টন ছেখভৰ জন্ম হৈছিল।
▶️১৮৮৯ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰথম স্নাতক, সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱাৰ মৃত্যু হৈছিল।
▶️১৯৮২ চনৰ এই দিনটোতেই বিৰোধী ট্ৰেড ইউনিয়নৰ আহ্বানত ভাৰত বন্ধ।
▶️১৯৮৭ চনৰ এই দিনটোতেই অৱসৰ গ্ৰহণৰ মাত্ৰ দুঘণ্টাৰ পূৰ্বে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে এন দত্ত ওঝাৰ শপতগ্ৰহণ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই বিশিষ্ট অভিনেতা-পৰিচালক প্ৰশান্ত হাজৰিকাৰ মৃত্যু হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ইৰাকী প্ৰতিৰক্ষা শিৱিৰত মাৰ্কিন-বৃটেইন যুটীয়া বাহিনীৰ আকস্মিক বিমান আক্ৰমণ।
▶️২০০৪ চনৰ এই দিনটোতেই টি এছ কৃষ্ণমূৰ্তিক ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে নিযুক্তি।
▶️২০০৫ চনৰ এই দিনটোতেই বৰপেটাৰ দেউৰীকুছিত ভয়ংকৰ বাছ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছিল ৬০ গৰাকী।
▶️২০০৭ চনৰ এই দিনটোতেই ইউৰোপৰ বিভিন্ন ঠাইত হোৱা প্ৰচণ্ড ধুমুহাত যথেষ্টসংখ্যক ধন-জন হানি।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই চিৰাজুলিত বড়ো সাহিত্য সভাৰ ৪২ সংখ্যক অধিৱেশন আৰম্ভ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.