আজি ১ নৱেম্বৰ

▶️১৮৫৮ চনৰ এই দিনটোতেই ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সামৰণি।সমগ্ৰ ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণীৰ দ্বাৰা হস্তগত। ভাৰত আনুষ্ঠানিকভাৱে ইংৰাজৰ অধীন।
▶️১৮৮১ চনৰ আজিৰ দিনটোতেই কলকাতাত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন।
▶️১৯৫৬ চনৰ এই দিনটোতেই ত্ৰিপুৰা আৰু দিল্লীৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যদা লাভ।
▶️১৯৫৬ চনৰ এই দিনটোতেই ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰপ্ৰদেশ গঠিত হৈ ৰাজধানী হয় হায়দৰাবাদ।
▶️১৯৬৬ চনৰ এই দিনটোতেই পঞ্জাৱ পুনৰ দ্বিখণ্ডিত। দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাৱ আৰু হাৰিয়ানা গঠন।উভয়ৰে ৰাজধানী হয় চণ্ডীগড়।
▶️১৯৭২ চনৰ আজিৰ দিনটোতেই মাৰ্কিন কবি এজৰা পাউণ্ডৰ মৃত্যু হৈছিল।
▶️১৯৭৩ চনৰ এই দিনটোতেই মহীশূৰ ৰাজ্যৰ নাম সলনি হৈ কৰ্ণাটক নামেৰে নামাকৰণ।
▶️১৯৭৩ চনৰ এই দিনটোতেই লক্ষদ্বীপ, মিনিকয় আৰু আমিন ডিভিক একেলগে লক্ষদ্বীপ নামেৰে নামাকৰণ কৰি কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যদা প্ৰদান। মাত্ৰ ৩২ বৰ্গ কিলোমিটাৰ মাটিকালিৰ লক্ষদ্বীপেই ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয়শাসিত অঞ্চল।
▶️১৯৭৩ চনৰ আজিৰ দিনটোতেই মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য্য ৰায়ৰ জন্ম হৈছিল।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণ হৈ ১১ লোকৰ মৃত্যু,বিস্তৰ ক্ষতিসাধন।
▶️২০০০ চনৰ এই দিনটোতেই মধ্যপ্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চলেৰে চত্তীছগড় ৰাজ্য গঠনৰ ঘোষণা।
▶️২০০০ চনৰ এই দিনটোতেই হৰেকৃষ্ণ ডেকাৰ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ৰূপে দ্বায়িত্ব গ্ৰহণ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই এছ পি ভাৰুচাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ। ২০০২ চনৰ ৫ মে’লৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.